বিহপুৰীয়া,31আগষ্টঃ "মন্ত্ৰী, বিধায়কতকৈ বেছি দৰদী জুবিন গাৰ্গ৷"-এই কথা কান্দি কান্দি ক'লে এজন বিশেষ ভাৱে সক্ষম ১৩ বছৰীয়া কিশোৰৰ মাতৃয়ে৷ কিশোৰজন ধলপুৰ দকুৱাৰ দুৰ্লভ বৰুৱা ৷ ২০১৭ চনত সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ কৰিবলৈ যোৱা এগৰাকী দুৰ্ভগীয়া মাতৃক বিমুখ কৰিলে মন্ত্ৰীৰ ব্যক্তিগত সহকাৰীয়ে৷ লগ কৰিবলৈ নিদিলে মন্ত্ৰীক৷
মন্ত্ৰী, বিধায়কে নিৰাশ কৰা বিশেষভাৱে সক্ষম কিশোৰলৈ জুবিনৰ সঁহাৰি
"মন্ত্ৰী, বিধায়কতকৈ বেছি দৰদী জুবিন গাৰ্গ৷"-এই কথা কান্দি কান্দি ক'লে এজন বিশেষ ভাৱে সক্ষম ১৩ বছৰীয়া কিশোৰৰ মাতৃয়ে৷
কেৱল সেইয়াই নহয়, বিহপুৰীয়াৰ বিধায়কৰো কাষ চাপিছিল দুৰ্ভগীয়া পৰিয়ালটো৷ কিন্তু কেৱল ২০ হাজাৰ টকা দিম বুলি কথা দিয়েই বিধায়ক দেৱানন্দ হাজৰিকাই সামৰিলে সমষ্টিৰ ৰাইজৰ প্ৰতি থকা দায়বদ্ধতা৷ শেষত জুবিন গাৰ্গৰ এষাৰি মাতে হাঁহি বিৰিঙাইছে মাতৃৰ লগতে পৰিয়ালটিৰ মুখত৷ শুকুৰবাৰে জুবিন গাৰ্গে কাঞ্চনজংঘাৰ প্ৰচাৰৰ বাবে উপস্থিত হৈছিল নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত৷ ইফালে জুবিন বুলিলেই হাঁহি বিৰিঙা কিশোৰজনক মাতৃয়ে লৈ গ'ল জুবিনক ওচৰৰ পৰা দেখুৱাবলৈ৷ আনহাতে জুবিনে মঞ্চলৈ মাতি নি কিশোৰজনক সহায়ৰ প্ৰতিশ্ৰুতি দিলে ৷ জুবিনৰ দৰে এজন শিল্পীৰ এই সঁহাৰিয়ে এতিয়া হাঁহি বিৰিঙাইছে পৰিয়ালটোৰ মুখত ৷