বিহপুৰীয়া, 12 জুন :যৌতুকৰ বাবে আজিও ৰাজ্যত নিৰ্যাতনৰ বলি হৈ আহিছে বহু মহিলা । লখিমপুৰ জিলাত বিয়াৰ দহ বছৰ পাচতো যৌতুক বিচাৰি এগৰাকী মহিলাক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছে স্বামী তথা স্বামীৰ পৰিয়ালে । ঘটনা লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ।
দহ বছৰ পূৰ্বে কোকছাবাৰীৰ ১ নং লক্ষীপুৰ গাঁৱৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ পুত্ৰ দীপক বৰাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল ১নং ধেমাগড়ৰ পোনা গগৈৰ একমাত্ৰ কন্যা কুসুম গগৈ । বিয়াৰ পাচত প্ৰায় দুবছৰ সকলো ঠিকে আছিল ৷ কিন্তু তাৰ পিছৰ পৰা আৰম্ভ হ'ল মহিলা গৰাকীৰ বিৰুদ্ধে স্বামীৰ অত্যাচাৰ ৷
যৌতুকক লৈ ইমান অকথ্য নিৰ্যাতন কিয় ? যৌতুক বিচাৰি প্ৰায়ে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱা আৰম্ভ কৰিলে স্বামী লগতে মহিলা গৰাকীৰ শাহুৱেকে। কেৱল এয়াই নহয় মহিলাগৰাকীক স্বামীয়ে হত্যাৰ চেষ্টা চলোৱাৰো অভিযোগ তুলিছে ভুক্তভোগী মহিলা গৰাকীয়ে ৷
অভিযোগ অনুসৰি প্ৰায়ে মহিলাগৰাকীক পিতৃৰ ঘৰৰ পৰা পইচা আনিবলৈ পঠিয়াই স্বামীয়ে । পইচা নিব পাৰিলে ভাল আচৰণ কৰে আৰু পইচা নিব নোৱাৰিেলই আৰম্ভ হয় অত্যাচাৰ । স্বামীৰ এনে অত্যাচাৰৰ বাবে এতিয়া অসহায় হৈ পৰিছে দুটি সন্তানৰ মাতৃ কুসুম গগৈ নামৰ মহিলা গৰাকী ৷
ইফালে নিজ কন্যাক অতি আদৰ সাদৰকৈ সামাজিক ৰীতি-নীতিৰ মাজেৰে বিয়া দিছিল পোনা গগৈয়ে । কিন্তু একমাত্ৰ কন্যাৰ এনে অৱস্থা দেখি শোকত ভাগি পৰিছে পিতৃ পোনা গগৈ । উপায়ন্তৰ হৈ পৰিছে আৰ্থিকভাৱে দুৰ্বল মহিলা গৰাকীৰ পিতৃও ।
উল্লেখ্য যে, ন্যায় বিচাৰি মহিলা গৰাকীয়ে ইতিমধ্যে কাষ চাপিছে আৰক্ষীৰ । স্বামীৰ বিৰুদ্ধে শিমলুগুৰি আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ ৷ কিন্তু ন্যায় পাবনে এইগৰাকী মহিলাই ? বৰ্তমানৰ আধুনিক সমাজত যৌতুকৰ বাবে মহিলাক অত্যাচাৰ কৰা এনে ঘটনাই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে ৷ তদপুৰি যৌতুক বিচাৰি নিৰ্যাতন চলোৱা স্বামী পৰিয়ালক উচিত শাস্তিৰ দাবী জনাইছে সচেতন ৰাইজে ।
লগতে পঢ়ক:ক'ভিডৰ ভয়াবহ পৰিৱেশত স্থবিৰ বিচাৰ প্ৰক্ৰিয়া