লখিমপুৰ,২৯ জুন :সংকটত লখিমপুৰ জিলা । NHPCৰ বাবে চকুত টোপনি নোহোৱা হৈছে জিলাখনৰ ৰাইজৰ । কাৰণ NHPCৰ মূল বান্ধৰ ওপৰেৰে বৈছে পানী । যাৰ বাবে ভয়ংকৰ দুৰ্যোগৰ সম্ভাৱনা জিলাখনত (Lakhimpur district heading for dire danger)।
উল্লেখ্য যে ঠায়ে ঠায়ে বানৰ তাণ্ডৱ অব্যাহত আছে । তেনে সময়তে নিৰ্মীয়মান সোৱণশিৰি প্ৰকল্পত বিপদজনকভাৱে জলস্তৰ বৃদ্ধি পাইছে । পুৱাৰে পৰা বান্ধৰ ওপৰেৰে পানী বাগৰিবলৈ আৰম্ভ কৰিছে (Subansiri flows above danger level)। যাৰ বাবে ইতিমধ্যে প্ৰকল্পৰ কাম বন্ধ কৰি দিয়া হৈছে । বান্ধৰ ওপৰেৰে বাগৰি অহা পানীয়ে লখিমপুৰৰ নামনি অংশ বিশেষকৈ ঘূণাসুঁতি আদি অঞ্চলত জলপ্ৰলয়ৰ সৃষ্টি কৰাৰ আশংকাই দেখা দিছে ।
কেৱল ইমানেই নহয় । ৰঙানদী প্ৰকল্পৰ পানীও মুকলি কৰি দিয়া হৈছে (Release of water from Ranganadi project)। প্ৰকল্পৰ জলাধাৰত পানীৰ চাপ বৃদ্ধি হোৱাৰ বাবে জলাধাৰৰ সুৰক্ষাৰ স্বাৰ্থতে প্ৰকল্পৰ গেট খুলি দিয়া হ'ব পাৰে বুলি মঙলবাৰে বিয়লি নীপকোৰ তৰফৰ পৰা লখিমপুৰ জিলা প্ৰশাসনলৈ এক সতৰ্কবাণী প্ৰেৰণ কৰা হৈছিল ।