লখিমপুৰ, ২ এপ্ৰিল :বিপদে লগ নেৰা হৈছে কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লখিমপুৰ মেডিকেল কলেজক ৷ কেতিয়াবা যদি হাস্পতালখনৰ চাদ খহে ৷ কেতিয়াবা আকৌ হাস্পতালখনত নাথাকে বিজুলী ৷ আনকি কেতিয়াবা আকৌ চিকিৎসকৰ গাফিলতিৰ বাবে মৃত্যু মুখত পৰে ৰোগী ৷ পিছে এইবাৰ লখিমপুৰ মেডিকেল কলেজত ঘটিল এক আজব ঘটনা ৷ এজাক বৰষুণতে বুৰ গ’ল কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হাস্পতালখন (Water penetrates into Lakhimpur Medical College)৷ যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ লগে স্থানীয় দল-সংগঠন ৷
জানিব পৰা মতে, দেওবাৰে বিয়লিৰ ভাগত লখিমপুৰত আহিছিল এজাক বৰষুণ ৷ কিছু সময়ৰ বাবে অহা এজাক বৰষুণতে বুৰ গ’ল মেডিকেল কলেজখনৰ জৰুৰীকালীন বিভাগৰ নৱ নিৰ্মিত বিল্ডিঙৰ গ্ৰাউণ্ড ফ্ল’ৰ (Rain water in LMCH) ৷ ফলত ৰোগীৰ মাজত সৃষ্টি হয় এক হাহাকাৰময় অৱস্থা ৷
উল্লেখ্য যে, বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মুকলি কৰা হৈছিল গৌতম কন্সট্ৰাকশ্যনেপাঁচশ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা এই হাস্পতালখন ৷ উদ্বোধনৰ পাচৰে পৰাই এটাৰ পাচত আন এটা বিতৰ্কই লগ নেৰা হৈছে লখিমপুৰ মেডিকেল কলেজখনক ৷ দেওবাৰে হঠাৎ অহা এজাক বৰষুণত নৱ নিৰ্মিত হাস্পতালখনখন বুৰ যোৱা সন্দৰ্ভত বিভিন্ন জনে ব্যক্ত কৰিছে এতিয়া নিজৰ প্ৰতিক্ৰিয়া ৷