লখিমপুৰ ১২ ফেব্ৰুৱাৰী:আজিও মুকলি নহ’ল লখিমপুৰত নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা বি আৰ আম্বেদকাৰ ভৱন । লখিমপুৰ নগৰ এলেকাৰ সনাতন গাঁৱত ২০১৬-২০১৭ বৰ্ষতে নিৰ্মাণ কৰা ড৹ বি আৰ আম্বেদকাৰ ভৱনটো আজিও মুকলি কৰি নিদিয়াত ভিন্ন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ(Building not opened even after construction) । অসম অনুসূচীত জাতিৰ কল্যাণ সঞ্চালকালয়ৰ উন্নয়ন পুঁজিৰে নিৰ্মিত এই ভৱনটোৰ নিৰ্মাণ সম্পূর্ণ হোৱাৰ পাছতো মুকলি কৰি নিদিয়াত এতিয়া ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে(Useless B R Ambedkar Bhawan in Lakhimpur) ।
জানিব পৰা মতে অৰ্ধকোটিৰো অধিক টকা ব্যয়ৰে নিৰ্মাণ কৰা এই ভৱনটো অনুসূচীত জাতিৰ ছাত্রৰ হোষ্টেল(Scheduled Caste Student Hostel ) হিচাপে ব্যৱহাৰ কৰাৰ আঁচনি আছিল । পিছে সেই উদ্দেশ্যেৰে ভৱনটো আজিও মুকলি কৰি ব্যৱহাৰ কৰা নহ'ল । এই লৈ ক্ষোভ প্রকাশ কৰিছে অনুসূচীত জাতি ছাত্র সন্থাই । সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সম্পাদক পাৰ্থ দাসে এই সংক্ৰান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ২০১৬-২০১৭ চনৰ পৰা আশ্চর্যজনকভাৱে এই ভৱনটো মুকলি নকৰাকৈ পেলাই থৈছে ।
লগতে পঢ়ক:Illegal sand mining in Sivasagar : বন বিভাগক মেনেজ কৰি শিৱসাগৰৰ জাঁজী নদীত চলিছে অবাধ খনন