অসম

assam

ETV Bharat / state

স্বাধীনতাৰ 73 বছৰ পাচতো উন্নয়নৰ পৰা উপেক্ষিত হ’ল নাওবৈচাৰ মহঘুলিবাসী - নাওবৈচা

উন্নয়নৰ মুখ দেখা নাই লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত মহঘুলি অঞ্চলটোৰ অঞ্চলবাসীয়ে ৷ শিঙৰা নৈৰ বানে ছিঙা তাঁতীয়েমৰা-মহঘূলি সংযোগী পথলৈ বিধায়ক-জনপ্ৰতিনিধিৰ চকু নিদিয়াৰ অভিযোগ ৷ ঠাকুৰজানত স্থায়ী পকী দলং নিৰ্মাণৰ দাবী ভুক্তভোগী ৰাইজৰ ৷

Undevelopment area in Nowboicha
স্বাধীনতাৰ 73 বছৰ পাচতো উন্নয়নৰ পৰা উপেক্ষিত হ’ল নাওবৈচাৰ মহঘুলিবাসী

By

Published : Oct 12, 2020, 7:01 PM IST

নাওবৈচা,12 অক্টোবৰ: দেশে স্বাধীনতা লাভ কৰা গৌৰৱোজ্জল 73 টা বছৰ অতিক্ৰম কৰা পাচতো লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত মহঘুলি অঞ্চলৰ সহস্ৰাধিক জনসাধাৰণে এতিয়াও চৰকাৰী অভিলাষী আঁচনি পৰা বঞ্চিত ৷ দুৰ্বিসহ জীৱন-যাপন কৰিবলগীয়া হৈছে অঞ্চলবাসী ৷

স্বাধীনতাৰ 73 বছৰ পাচতো উন্নয়নৰ পৰা উপেক্ষিত হ’ল নাওবৈচাৰ মহঘুলিবাসী

দুৰ্ভগীয়া ৰাইজৰ অভিযোগ অনুসৰি,স্থানীয় বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে কেৱল ব্যক্তিগত ৰাজনীতিত ব্যস্ত থাকি নিজৰ আত্মীয়-কুটুম্বক সংস্থাপন দিয়াপ বাহিৰে বিগত পাঁচটা বছৰত সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত একো কাম নকৰিলে । বিধায়ক-স্থানীয় জনপ্ৰতিনিধি আৰু উন্নয়ন খণ্ডৰ বিষয়া-কৰ্মচাৰী প্ৰবঞ্চনাৰ স্বাক্ষৰ বহন কৰি অঞ্চলটোৰ মাজেৰে পাৰ হৈ যোৱা অতি গুৰুত্বপূৰ্ণ তাঁতীয়েমৰা-মহঘুলি সংযোগী পথটো শিঙৰাৰ বানে খণ্ড-বিখণ্ড কৰা আজি দুটা বছৰ পাৰ যোৱাৰ পাচতো কোনোধৰণৰ মেৰামতি নহ’ল। যাৰ পৰিপ্ৰেক্ষিতত গুৰুত্বপূৰ্ণ পথটোৰ ছিঙা অংশত জৰাজীৰ্ণ বাঁহৰ দলঙেৰে মৰণত শৰণ দি পাৰা-পাৰ হৈ আহিছে অঞ্চলটোৰ ৰাইজ ।

স্বাধীনতাৰ 73 বছৰ পাচতো উন্নয়নৰ পৰা উপেক্ষিত হ’ল নাওবৈচাৰ মহঘুলিবাসী

স্থানীয় জনপ্ৰতিনিধি তথা গ্ৰামোন্নয়ন বিভাগে ৰাইজৰ পথ যোগাযোগৰ দুৰ্দশা অনুভৱ কৰিব নোৱাৰাৰ বাবেই পথটো আজিও এনেদৰেই বিধ্বস্ত হৈ আছে । ইয়াৰোপৰি 100 শতাংশ লোক কৃষিকৰ্মৰ আৰু মীনপালনৰ সৈতে জড়িত যদিও চৰকাৰী কৃষি বিভাগ অথবা মীন বিভাগে কোনো ধৰণৰ সুবিধা প্ৰদান নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । অঞ্চলটোৰ ৰাইজে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰি থাকিবলগীয়া হৈছে । বৰ্তমানলৈকে অনাময় আঁচনিৰ সুবিধা পোৱা নাই অঞ্চলটোৰ বহু পৰিয়ালে ।

স্বচ্ছ ভাৰত অভিযানৰ ঢাক-ঢোল বজাই থকাৰ সময়তে অঞ্চলটোৰ অধিকাংশ ৰাইজে অনাময় আঁচনিৰ নামেই শুনা নাই । যাতায়াতৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি জীয়াতু ভুগি থকা অঞ্চলটোৰ ৰাইজে ঠাকুৰজানত স্থায়ী পকী দলং নিৰ্মাণৰ দাবী জনাইছে ৷

লগতে পঢ়ক:বৃত্তিৰ ধন বিচাৰি ধুবুৰীত শিক্ষাৰ্থীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details