লখিমপুৰ, 20 মে’ :লখিমপুৰত শুকুৰবাৰে বিয়লি সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । অকাল মৃত্যুক সাৱটি ল’বলগীয়া হ’ল দুজনকৈ যুৱকে । ঘটনাটো সংঘটিত হৈছে জিলাখনৰ হাৰমতী অঞ্চলত । নৱ নিৰ্মিত এটা শৌচালয়ৰ টেংকিত কাম কৰি থকা অৱস্থাত মৃত্যু হয় দুজন যুৱকৰ (Newly constructed toilet in Lakhimpur) ।
প্ৰাপ্ত তথ্য মতে, হাৰমতীত এটা নৱ নিৰ্মিত শৌচালয়ৰ টেংকিত সোমাই দুই যুৱ মিস্ত্ৰীৰ মৃত্যু হয় । জানিব পৰা মতে, শুকুৰবাৰে বিয়লি লখিমপুৰৰ হাৰমতী আৰক্ষী চকীৰ সমীপৰ ৫নং পট্টাৰ এটা নৱ নিৰ্মিত ঘৰৰ শৌচালয়ৰ চাটাৰিং এৰুৱাবলৈ গৈছিল যুৱ মিস্ত্ৰী দুজন । টেংকিটোৰ ভিতৰ দিশে থকা চাটাৰিং এৰুৱাবলৈ যাওঁতেই এই দুৰ্ঘটনাটো ঘটে । প্ৰথমে টেংকিটোৰ ভিতৰত সোমায় মাধৱ বৰ্মন নামৰ ২৬ বৰ্ষীয় মিস্ত্ৰীজন । টেংকিটোৰ ভিতৰ সোমোৱাৰ পাচতে তেওঁ ছটফটাবলৈ ধৰে । মাধৱৰ এনে অস্থিৰ অৱস্থা দেখি বাহিৰত থকা সাগৰ ৰায় নামৰ ১৮ বৰ্ষীয়া মিস্ত্ৰীজনে তেওঁক উদ্ধাৰ কৰিবলৈ টেংকিটোৰ ভিতৰলৈ সোমাই যায় । পিচে টেংকিটোৰ ভিতৰ সোমোৱা পাছতে সাগৰৰো একেই অৱস্থা হয় । তেওঁৱো টেংকিটোৰ ভিতৰত ছটফটাবলৈ ধৰে আৰু খন্তেক সময়ৰ ভিতৰতে দুয়োৰে মৃত্যু হয় (Two youth died in toilet tank) ।