অসম

assam

ETV Bharat / state

HSLC exam paper leaked: প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত থকাৰ সন্দেহত লখিমপুৰৰ দুই শিক্ষকক আটক

প্ৰশ্নকাকত ফাদিল কৰাৰ সৈতে জড়িত থকাৰ সন্দেহত এইবাৰ লখিমপুৰ জিলাৰ দুগৰাকী শিক্ষকক আটক ৷ সম্প্ৰতি লখিমপুৰ সদৰ থানাত জেৰা চলাই থকা হৈছে দুয়োগৰাকীক শিক্ষকক ৷ হাতে লিখা প্ৰশ্নকাকতৰ সৈতে শিক্ষক দুগৰাকীৰ হাতৰ আখৰ মিল থকাৰ সন্দেহ (HSLC question paper leaked) ৷

By

Published : Mar 16, 2023, 9:06 PM IST

HSLC exam paper leaked
প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত থকাৰ সন্দেহত লখিমপুৰৰ দুই শিক্ষকক আটক

লখিমপুৰ, 16 মাৰ্চ:হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত লখিমপুৰ জিলাৰ দুই শিক্ষকক আটক ৷ আটকাধীন শিক্ষকদ্বয় ডফলাকটা জনজাতি হাইস্কুলৰ বিজ্ঞান শিক্ষক কুমুদ ৰাজখোৱা আৰু লুইত খাবলু হাইস্কুলৰ শিক্ষক তথা পৰীক্ষা কেন্দ্ৰৰ তত্বাবধায়ক প্ৰণৱ দত্ত ৷ ঘটনাৰে জড়িত থকাৰ সন্দেহত লখিমপুৰ জিলাৰ পৰা বৃহস্পতিবাৰে তিনিজনক আটক কৰিছিল যদিও এজনক পৰৱৰ্তী পৰ্যায়ত মুকলি কৰি দিয়ে ৷ আটকাধীন দুই শিক্ষকক সম্প্ৰতি লখিমপুৰ থানাত জেৰা চলাই থকা হৈছে (HSLC question paper leak case update) ৷

উল্লেখ্য যে, হাতে লিখা প্ৰশ্নকাকত সৈতে শিক্ষক দুগৰাকীৰ আখৰ মিল থকাৰ সন্দেহ কৰা হৈছে ৷ ইয়াৰ পূৰ্বে জিলাখনৰ পৰা মুঠ পাঁচজনক আৰক্ষীয়ে আটক কৰি গতাই দিয়ে CIDক ৷ লখিমপুৰ জিলাৰ পৰা বৰ্তমানলৈকে মুঠ 7 জনক আটক কৰা হৈছে ৷ বুধবাৰলৈকে এই সমগ্ৰ কু-কাৰ্যৰে জড়িত থকাৰ সন্দেহৰ মুঠ 25 জন লোক CIDৰ জালত পৰিছিল আৰু ইয়াৰ তিনিজনক CIDয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ আটাইকে গুৱাহাটীত CIDৰ কাৰ্যালয়ত জেৰা চলাই থকা হৈছে (Assam HLSC paper leaked) ৷

আটক হোৱা সকলৰ ভিতৰত আছিল তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰো ছাত্ৰ ৷ ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমিৰ একাদশ শ্ৰেণীৰ ছাত্ৰকো ঘটনা সন্দৰ্ভত আটক কৰিছিল আৰক্ষীয়ে ৷ ইফালে, বুধবাৰে গ্ৰেপ্তাৰ হোৱা তিনিগৰাকী লোক আছিল গুৱাহাটীৰ কাহিলীপাৰাৰ ভাউৰী দেৱী ছেৰাউগী শ্ৰৱণ বাধাগ্ৰস্ত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জ্যোতিৰেখা বৰগোহাঁই , সহকাৰী শিক্ষক হেৰম্ব কুমাৰ দাস আৰু অস্থায়ী কৰ্মচাৰী চিত্তৰঞ্জন ৰায় (HSLC paper leaked case investigation) ৷

প্ৰশ্নকাকত ফাদিল কৰাৰ সৈতে এটা বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে, 13 মাৰ্চত অনুষ্ঠিত হ’ব লগা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাচতেই পৰীক্ষা বাতিল কৰাৰ কথা মাজনিশা ঘোষণা কৰিছিল ছেবা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৷ ইয়াকে কেন্দ্ৰ কৰি ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া আৰু বিতৰ্ক (SEBA HSLC paper leak) ৷

লগতে পঢ়ক:HSLC question paper leaked: প্ৰশ্নকাকত ফাদিলেৰে জড়িত 22 জনক আটক, 3 জনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details