লখিমপুৰ, 26 জানুৱাৰী :অসম আৰক্ষীৰ নেৰানেপেৰা চেষ্টাৰ পিছতো যেন নিঃশেষ নহ’ব ড্ৰাগছৰ বিশাল সাম্ৰাজ্য ৷ আৰক্ষীয়ে কঠোৰ হাতেৰে ড্ৰাগছৰ সাম্ৰাজ্য উৎখাত কৰাত গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে সৰবৰাহকাৰীয়ে সলনি কৰিছে এই ব্যৱসায়ৰ কৌশল ৷ কেতিয়াবা যদি বাহনৰ গোপন কক্ষত লুকুৱাই ড্ৰাগছ আনে, তেন্তে আন কেতিয়াবা আকৌ আনে কণ্টেইনাৰত ৷ কিন্তু এইবাৰৰ ঘটনা আকৌ এখোপ চৰা ৷ মহিলা সৰবৰাহকাৰীয়ে শৰীৰৰ ভিতৰত লুকুৱাই আনিলে ড্ৰাগছৰ দৰে নিষিদ্ধ সামগ্ৰী ৷
এই ঘটনা সংঘটিত হৈছে লখিমপুৰত (Drugs seized at Lakhimpur) ৷ ঘটনাৰ বিৱৰণী অনুসৰি, মঙলবাৰে বান্দৰদেৱা আৰক্ষীয়ে পথালিপাহাৰৰ স্থানীয় ৰাইজৰ সহযোগত চলাইছিল ড্ৰাগছ বিৰোধী অভিযান ৷ আৰক্ষীৰ এই অভিযানৰ উমান নোপোৱা দুই ড্ৰাগছ সৰবৰাহকাৰীয়ে বিক্ৰীৰ বাবে আনিছিল নিচাযুক্ত সামগ্ৰী ৷ কিন্তু অভিযানকাৰী দলটোৱে অসম-অৰুণাচল সীমান্তৰ পথালি পাহাৰৰ সমীপত ড্ৰাগছ বিক্ৰীৰ বাবে অহা এজন পুৰুষ আৰু এগৰাকী মহিলা সৰবৰাহকাৰীক কৰায়ত্ব কৰে (Drugs paddler arrested in Lakhimpur)৷