লখিমপুৰ,৫ আগষ্ট:লখিমপুৰৰ ৰে'লৱে ক্ৰচিঙত যান বাহন শাখাৰ আৰক্ষী। যান বাহন শাখাৰ আৰক্ষী কৰ্তব্যত নিয়োজিত হৈছে ৰে'লৱে ক্ৰচিঙত । শুনিবলৈ আচহুৱা বা অবিশ্বাস্য যেন লাগিলেও সঁচা । লখিমপুৰ নগৰ এলেকাৰ নকাৰী ৰে'লৱে ক্ৰচিঙত আজিৰে পৰা কৰ্তব্যত নিয়োজিত হৈছে অসম আৰক্ষীৰ যান-বাহন শাখাৰ লোক ।
ৰে'ল অহাৰ কিছু সময়ৰ পূৰ্বে সাধাৰণতে ক্ৰচিং গেট বন্ধ হৈ পৰে । ৰে'ল পাৰ হৈ যোৱাৰ পাছত পুনৰ ক্ৰচিং গেট খোল খায় । যাৰ বাবে ক্ৰচিঙত দুৰ্ঘটনাৰ সম্ভাৱনা মুঠেই নাথাকে । তেনেস্থলত লখিমপুৰৰ নকাৰী ৰে'লৱে ক্ৰচিঙত যান-বাহন শাখাৰ আৰক্ষী কিয় নিয়োগ কৰিবলগীয়া হ'ল সেইয়া প্ৰথম দৃষ্টিত এক ডাঙৰ কৌতুহলৰ বিষয় ।
উল্লেখ্য নকাৰী ৰে'লৱে ক্ৰচিঙত ৰে'ল নিয়ন্ত্রণৰ বাবে যান-বাহন শাখাৰ আৰক্ষী নিয়োগ কৰা হোৱা নাই । ক্ৰচিংটোৰ দুয়োদিশে ৰে'ল গেট বন্ধ হৈ থকাৰ সময়ত যান-বাহন শৃংখলিত কৰাৰ বাবেহে আৰক্ষী নিয়োগ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে । কিয়নো এই ৰে'লৱে ক্ৰচিঙত একাংশ লোকে ব্যাপক বিশৃংখলতাৰ সৃষ্টি কৰে ।