বিহপুৰীয়া,17 এপ্ৰিল: বিহুৰ আনন্দ-উল্লাসৰ মাজতে নাৰায়ণপুৰৰ পৰা আহিল এক দুখজনক খবৰ ৷ নাৰায়ণপুৰৰ শিমলুগুৰিৰ নৱনিৰ্মিত চেঁচা দলঙত শুকুৰবাৰে বিয়লি সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ হুঁচৰি গাবলৈ যোৱা এখন টেক্টৰ বাগৰি তিনিজন লোক নিহত হোৱাৰ লগতে আহত হয় ৩৫ জনকৈ লোক ৷ ইয়াৰে ৬ জন লোকৰ অৱস্থা অতি সংকটজনক ।
নাৰায়ণপুৰত হুঁচৰি দল কঢ়িওৱা ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত
নাৰায়ণপুৰৰ শিমলুগুৰিৰ নৱনিৰ্মিত চেঁচা দলঙত পথ দুৰ্ঘটনা সংঘটিত ৷ হুঁচৰি গাবলৈ যোৱা এখন টেক্টৰ বাগৰি তিনিজন লোক নিহত হোৱাৰ লগতে আহত হয় ৩৫ জনকৈ লোক ৷ ৬ জন লোকৰ অৱস্থা অতি সংকটজনক ।
নাৰায়ণপুৰত হুচৰি দল কঢ়িওৱা ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত
নিহত লোককেইজন ক্ৰমে পুংখা বসুমতাৰী(২২), কনকলাল নাৰ্জাৰী(১৫), খনচাইগিৰি ব্ৰহ্মপুত্ৰ(১৫) বুলি জানিব পৰা গৈছে ৷ আটাইকেইজন মৃত ব্যক্তিৰ ঘৰ ২নং বিক্ৰমপুৰত । আহতসকলক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু লক্ষীমপুৰ অসামৰিক চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।