অসম

assam

ETV Bharat / state

বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকণৰ দাবী, লখিমপুৰত শিক্ষকৰ উত্তাল প্ৰতিবাদ - লখিমপুৰ টেট শিক্ষক

টেট উত্তীৰ্ণ শিক্ষকসকলৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীত বুধবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হ’ল ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে লখিমপুৰতো দেখা গ’ল উত্তাল প্ৰতিবাদ ৷

tet passed teachers protest
লখিমপুৰত টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 4:18 PM IST

লখিমপুৰত টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদ

লখিমপুৰ, 22 নৱেম্বৰ : বুধবাৰে শিক্ষকৰ প্ৰতিবাদত উত্তাল হ’ল শিক্ষা বিষয়াৰ কাৰ্যালয় ৷ শ্ৰেণীকোঠাৰ পৰা আঁতৰি প্ৰাপ্য লাভৰ দাবীৰে শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত শ্ল’গান দিলে টেট উত্তীৰ্ণ শিক্ষক সমাজে ৷

উল্লেখ্য যে, বুধবাৰে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বানক্ৰমে ৰাজ্যজুৰি ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ লখিমপুৰতো প্ৰাপ্যৰ পৰা বঞ্চিত টেট উত্তীৰ্ণ শিক্ষকসকলে শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়া কৰাৰ দাবীত শিক্ষক সমাজে উক্ত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে ।

ৰাজ্যৰ আন জিলাৰ দৰে লখিমপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত শতাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে ধৰ্ণা দি পৰিৱেশ উত্তাল কৰি তোলে । টেট উত্তীৰ্ণ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ প্ৰক্ৰিয়াক আদৰণি জনালেও নিয়মীয়াকৰণত বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ আহ্বান জনায় প্ৰতিবাদকাৰীসকলে ।

প্ৰতিবাদকাৰীসকলে কয় যে ২০১২ বৰ্ষৰ পৰাই শিক্ষাৰ অধিকাৰ আইন- ২০০৯ ৰ বিধি অনুসৰি সৰ্বশিক্ষা অভিযান মিছনৰ ঠিকাভিত্তিক শিক্ষকসকলক পৰ্যায়ক্ৰমে নিযুক্তি দিয়া হৈছে । শিক্ষকসকলে যোগদানৰ পৰাই সংশোধিত হাৰত বেতন লাভ কৰি আহিছে । বিগত স্বাধীনতা দিৱসৰ দিনা উক্ত শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল ।

কিন্তু শেহতীয়াকৈ শিক্ষামন্ত্ৰীয়ে উক্ত শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে কেতবোৰ চৰ্ত আৰোপ কৰাৰ বাবে শিক্ষকসকল বিমৰ্ষ হৈ পৰিছে । যাৰ বাবে তেওঁলোকৰৰ অতদিনৰ শ্ৰম অথলে যোৱাৰ উপক্ৰম ঘটিছে । সেয়ে তেওঁলোকে নিয়মীয়া হাৰত দৰমহা লাভ কৰা দিনটোৰ পৰাই জ্যেষ্ঠতাৰ ভিত্তিত বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ দাবী জনায় । উক্ত দাবীৰে লখিমপুৰ জিলা শিক্ষক সমাজৰ সভানেত্ৰী শিখা শইকীয়া আৰু সম্পাদক মিন্টু শীল স্বাক্ষৰিত এখন স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :শিৱসাগৰত বেতন বৃদ্ধি, চাকৰি নিয়মীয়াকৰণৰ দাবীত টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details