লখিমপুৰ 21 অক্টোবৰ :মদৰ আড্ডাস্থলীলৈ পৰিণত লখিমপুৰৰ চাউলধোৱাস্থিত সোৱণশিৰি ৰে'ল ষ্টেচন। নিশা হ'লেই ষ্টেচনত বহে মদৰ আড্ডা। একাংশ অসামাজিক তথা উদণ্ড লোকৰ এনে কাণ্ডক লৈ নিমাত স্থানীয় চাউলধোৱা আৰক্ষী প্ৰশাসন। দিনে ৰাতিয়ে অসামাজিক কাম সংঘটিত হৈ আহিছে ষ্টেচনটোত ৷
উল্লেখ্য যে সোৱণশিৰি ষ্টেচনটো ৰে'ল বিভাগে পূৰ্ণাংগ ষ্টেচন হিচাপে স্বীকৃতি নিদিয়াৰ বাবে ষ্টেচনটোত নাই কোনো টিকট ঘৰ অথবা ষ্টেচন বিষয়া। কেৱল মাথো দুই এখন যাত্ৰীবাহী ৰে'লহে ক্ষন্তেকৰ বাবে ৰখোৱা হয় ষ্টেচনটোত ।