অসম

assam

ETV Bharat / state

নাৰায়ণপুৰত প্ৰতিস্থিত ব্যৱসায়ীৰ বিৰুদ্ধে ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদ - গুৱাহাটী উচ্চ ন্যায়ালয়

বংশীগোপাল চাহ বাগিছাৰ স্বত্বাধিকাৰ ননী শইকীয়াই গুণ্ডাগিৰিৰে দোৰপাং-বিষ্ণুপুৰ চাহ বাগিছাৰ নামত আৱন্টিত ৭৫ বিঘা ভূমি দখল কৰাৰ অভিযোগ উত্থাপন কৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ।

নাৰায়ণপুৰত প্ৰতিস্থিত ব্যৱসায়ীৰ বিৰুদ্ধে ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদ
নাৰায়ণপুৰত প্ৰতিস্থিত ব্যৱসায়ীৰ বিৰুদ্ধে ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদ

By

Published : Sep 4, 2021, 8:29 PM IST

বিহপুৰীয়া,4 ছেপ্তেম্বৰ:লখিমপুৰ জিলাৰ নাৰায়ণপুৰত ক্ষুদ্ৰ চাহ খেতিয়কক ভাতে মৰাৰ অভিযোগ উত্থাপন হৈছে লখিমপুৰৰ প্ৰতিস্থিত ব্যৱসায়ী নিকুঞ্জ নাৰায়ণ শইকীয়া ওৰফে ননী শইকীয়াৰ বিৰুদ্ধে । উল্লেখযোগ্য যে, নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বিষ্ণুপুৰত সংঘটিত হৈছে এই কাণ্ড ।

বংশীগোপাল চাহ বাগিছাৰ স্বত্বাধিকাৰ ননী শইকীয়াই গুণ্ডাগিৰিৰে দোৰপাং-বিষ্ণুপুৰ চাহ বাগিছাৰ নামত আৱন্টিত ৭৫ বিঘা ভূমি দখল কৰাৰ অভিযোগ উত্থাপন কৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ।

নাৰায়ণপুৰত প্ৰতিস্থিত ব্যৱসায়ীৰ বিৰুদ্ধে ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদ

ইপিনে ন্যায়ালয়ৰ নিৰ্দেশকো বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি ননী শইকীয়াই আৰক্ষীৰ জৰিয়তে বিষ্ণুপুৰ চাহ বাগিছা সন্থাৰ বিষয়-ববীয়া সকলক ভাবুকি দি দোৰপাং-বিষ্ণুপুৰ চাহ বাগিচাৰ ভূমি সমূহ দখল কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

নাৰায়ণপুৰত প্ৰতিস্থিত ব্যৱসায়ীৰ বিৰুদ্ধে ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদ

আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশকো কেৰেপ নকৰা এইগৰাকী ব্যৱসায়ীৰ বিৰুদ্ধে উপায়ন্তৰ হৈ অৱশেষত ওলাই আহিল ক্ষুদ্ৰ চাহ খেতিয়ক সকল । সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ-প্ৰশাসনক তেওঁলোকক ন্যায় প্ৰদান কৰিবলৈ দাবী জনাইছে দোৰপাঙ-বিষ্ণুপুৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ।

অন্যথা ননী শইকীয়াৰ বিৰুদ্ধে ক্ষুদ্ৰ চাহ খেতিক সকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হ’ব বুলি চৰকাৰ প্ৰশাসনক সকীয়াই দিছে ৷

লগতে পঢ়ক: পোন্ধৰ দিনৰ ভিতৰত কাগজ কলৰ কৰ্মচাৰীক ঘৰ খালী কৰাৰ নিৰ্দেশ

ABOUT THE AUTHOR

...view details