অসম

assam

ETV Bharat / state

Skeleton recovered at Bihpuria: বিহপুৰীয়াত উদ্ধাৰ হোৱা নৰ-কংকাল ফৰেনচিকলৈ প্ৰেৰণ - Skeleton recovered

বিহপুৰীয়াৰ এটা পুখুৰীত নৰকংকাল উদ্ধাৰ হোৱাকলৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ সম্প্ৰতি আৰক্ষীয়ে নৰকংকালটো মৰণোত্তৰ পৰীক্ষা আৰু ফৰেনচিকলৈ প্ৰেৰণ কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ কংকালটো 2022 চনৰ 8 জুলাইৰ পৰা সন্ধানহীন হৈ থকা চিত্তৰঞ্জন দত্তৰ বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লগতে স্থানীয় লোকে ৷

Skeleton recovered at Bihpuria
বিহপুৰীয়াত উদ্ধাৰ হোৱা নৰ কংকাল মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ

By

Published : Jan 20, 2023, 4:27 PM IST

বিহপুৰীয়াত উদ্ধাৰ হোৱা নৰ কংকাল মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ

বিহপুৰীয়া, 20 জানুৱাৰী : বিহপুৰীয়াত নৰকংকাল উদ্ধাৰ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ASP ৰুনা নেওগে সংবাদমাধ্যমৰ আগত অৱগত কৰিছে যে, বৰ্তমানেও কংকালৰ কিছু অংশ উদ্ধাৰ কৰিবলৈ বাকী আছে ৷ অৱশিষ্ট অংশ উদ্ধাৰ কৰাৰ পিচতেই মৰণোত্তৰ পৰীক্ষাৰ বাবে কংকালটো প্ৰেৰণ কৰা হ’ব আৰু পৰৱৰ্তী পৰ্যায়ত DNA পৰীক্ষা সম্পন্ন কৰা হ’ব বুলিও অৱগত কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ এয়া এক হত্যাকাণ্ড নেকি সেই সন্দৰ্ভত তদন্ত কৰা হ’ব বুলি মন্তব্য কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুনা নেওগে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে বিয়লি বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত পূৱ ডিক্ৰং গাঁও পঞ্চায়তৰ ভোগদৈগুৰিৰ এটি পুখুৰীত উদ্ধাৰ হৈছে এটা লাওখোলা ৷ গাঁওখনৰ প্ৰদীপ চুৰি নামৰ ব্যক্তিজনৰ পুখুৰীত উদ্ধাৰ কৰ হৈছিল লাওখোলাটো (Skeleton recovered from a pond at Bihpuria)৷ মাছ ধৰিবলৈ পানী সিচোঁতেই উদ্ধাৰ হয় এই লাওখোলাটো ।

উদ্ধাৰ হোৱা এই লাওখোলাটো বিহপুৰীয়াৰ চৌদ্ধপুনীয়াৰ প্ৰফুল্ল দত্ত আৰু মৌচুমী হাজৰিকা দত্তৰ দ্বিতীয় পুত্ৰ চিত্তৰঞ্জন দত্তৰ(Missing Chittaranjan Dutta) বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, বিগত 8 জুলাইত বৰযাত্ৰী হৈ বিয়া খাবলৈ গৈছিল চিত্তৰঞ্জন দত্ত ৷ কিন্তু ঘৰলৈ আৰু উভতি নাহিল চিত্তৰঞ্জন ৷ 2022 চনৰ 8 জুলাইত এখন বিয়া খাবলৈ যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল চিত্তৰঞ্জন ৷ আনকি আৰক্ষীৰ ফালৰ পৰাও কোনো শুংসূত্ৰ বিচাৰি উলিয়াব পৰা নাছিল চিত্তৰ সন্ধানত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰা চিত্তৰ একমাত্ৰ ককায়েক হৃদয়েও এটি পথ দুৰ্ঘটনাত 2022 ৰ 27 ছেপ্টেম্বৰত কৰুণভাৱে মৃত্যুক সাৱটি লৈছিল ।

ইয়াৰ পিচৰে পৰাই ক্ৰমশ দিক বিদিক হেৰুৱাই পেলাইছিল চিত্ৰৰ পৰিয়ালে । কিন্তু বৃহস্পতিবাৰে বিয়লি এই লাওখোলা উদ্ধাৰ হোৱা খবৰ পোৱাৰ পিচতেই উক্ত স্থানত চিত্ৰৰ পৰিয়ালৰ লোক উপস্থিত হয় ৷ আনকি উক্ত পুখুৰীটোত আৰক্ষীয়েও অনুসন্ধান আৰম্ভ কৰে ৷ শুকুৰবাৰে অৰ্থাৎ দ্বিতীয় দিনাও পুৱাৰে পৰা আৰক্ষীয়ে চলাই অভিযান ৷ আৰক্ষীৰ অভিযানত পুখুৰীটোৰ পৰা উদ্ধাৰৰ কৰা হয় নৰ-কংকালৰ বিভিন্ন অংশ ৷ লগতে আৰক্ষীয়ে উদ্ধাৰ কৰিছে এযোৰ জোতা ৷

ইফালে, পৰিয়ালৰ লোকে চিত্তক পৰিকল্পিতভাৱে হত্যা কৰি এই পুখুৰীটোত পেলাই দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ সেয়ে উক্ত ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনাইছে চিত্ৰৰ পৰিয়ালে । ইপিনে চিত্ত নিৰুদ্দেশ হোৱা পিছদিনাই বিবাহস্থলীৰ ওচৰৰ চাৰিটাকৈ পুখুৰীত আৰক্ষীয়ে SDRF ৰ সহায়ত অভিযান চলাইছিল ৷

কিন্তু বিবাহস্থলীৰ পিছফালৰ এই পুখুৰীটোত অভিযান কিয় নচলালে বুলিও চিত্তৰ পৰিয়ালৰ লোকে প্ৰশ্ন উত্থাপন কৰিছে ৷ তদুপৰি আৰক্ষীৰ অভিযানত গাফিলতি থকাৰ অভিযোগ উত্থাপন কৰি পৰিয়ালৰ লোকে আৰক্ষীক তীব্ৰ ভাষাৰে ককৰ্থনা কৰি পৰিৱেশ উত্তাল কৰি তোলে । এতিয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিচতহে পোহৰলৈ আহিব প্ৰকৃততে এয়া হত্যাকাণ্ড নে আন কিবা ?

লগতে পঢ়ক:Skeletons recovered at Bihpuria: মাছ ধৰিবলৈ যাওঁতেই পুখুৰীৰ পৰা উদ্ধাৰ নৰ কংকাল

ABOUT THE AUTHOR

...view details