বিহপুৰীয়া,18 জানুৱাৰী:দেওবাৰে ব্যতিক্ৰম ৰূপত উদযাপিত হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱস ৷ শিল্পী দিৱসৰ লগত সংগতি ৰাখি লখিমপুৰৰ পথালিপাহাৰৰ দেৱব্ৰত কাকতিৰ বাসগৃহৰ চোতালত 'আলাপ সংলাপ আৰু অন্যান্য' শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ ভোটা আৰু মাটিৰ চাকি জ্বলাই এক নান্দনিক পৰিৱেশৰ মাজত গীত-মাত,কবিতাৰে জীপাল হৈ পৰে অনুষ্ঠান ৷
লখিমপুৰত ব্যতিক্ৰমী ৰূপত উদযাপিত হ'ল শিল্পী দিৱস - বেহু
দেওবাৰে ব্যতিক্ৰম ৰূপত উদযাপিত হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱস ৷ লখিমপুৰত ভোটা আৰু মাটিৰ চাকি জ্বলাই এক নান্দনিক পৰিৱেশৰ মাজত গীত-মাত,কবিতাৰে জীপাল হৈ পৰে শিল্পী দিৱসৰ অনুষ্ঠান ৷
লখিমপুৰত ব্যতিক্ৰমী ৰূপত উদযাপিত হ'ল শিল্পী দিৱস
তদুপৰি এই বিশেষ দিনটোতেই'ৰুদ্ৰাক্ষ'ৰ প্ৰযোজনাত 'ঈশ্বৰ সন্ধানত' নামৰ নাটকখনৰো শুভ মহুৰত হৈ যায় আৰু দেৱব্ৰত কাকতিৰ পৰিচালনাত নিৰ্মিত 'বেহু' নামৰ চুটি ছবিখনো মুক্তি দিয়া হয় ৷ আনহাতে ঘৰৰ চোতালতে এনেদৰে এক ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰা দেৱব্ৰত কাকতিৰ কাৰ্যক শলাগ লয় উপস্থিত ৰাইজে ৷
লগতে পঢ়কঃসমন্বয়ৰ পীঠস্থান শ্ৰী শ্ৰী আলিপুখুৰী পাতেকীবড়ী থান