লখিমপুৰ, 16 ডিচেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত দিনকেইটাত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড৹ বাণীকান্ত কাকতি মেধা বঁটা (Dr Banikanta Kakati Merit Award) প্ৰদান কৰি অহা হৈছে (Scotty Distribution program)৷
2021-2022 বৰ্ষত অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত 60 শতাংশ অথবা ততোধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা কৃতী ছাত্ৰীসকললৈ স্কুটী বিতৰণ কৰা হয়(Scotty distribution among students in Lakhimpur) ৷ লগতে 75 % অথবা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ সকলকো প্ৰদান কৰা হয় স্কুটী ৷
লখিমপুৰত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত শুকুৰবাৰে 1,482 গৰাকী মেধাবী শিক্ষার্থীক দিয়া হ’ব স্কুটী ৷ অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ (Pragyan Bharati Scheme)অধীনত লখিমপুৰ জিলাত 2021-2022 বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উতীৰ্ণ হোৱা সহস্ৰাধিক মেধাবী শিক্ষার্থীক ড৹ বাণীকান্ত কাকতি মেধা বঁটা 2022 বটা প্ৰদান কৰা হ’ব ৷