বিহপুৰীয়া, 25 জুন:‘‘কৰ্মই ধৰ্ম’’, ‘‘কৰ্মলৈ লাজ কৰিব নালাগে’’, ‘‘কোনো কামেই সৰু নহয়’’ এই ধৰণৰ উৎসাহবাণী আপুনি নিশ্চয় শুনিছে ৷ হয়, কৰ্মইহে মানুহৰ প্ৰকৃত ধৰ্ম ৷ কৰ্মৰ দ্বাৰাহে এজন মানুহৰ প্ৰকৃত পৰিচয় প্ৰকাশ পায় ৷ সৎভাৱে কৰা প্ৰতিটো কৰ্মই মানুহৰ সুখী হোৱাৰ বাট দেখুৱাই ৷ এই কথাবোৰ আমাৰ বহুতেই বুজে ৷ কিন্তু বহুতেই নুবুজে ৷ বৰ্তমান সময়ত দেশত নিবনুৱা সমস্যাৰ অনুপাতে চাকৰিৰ সংখ্যা তাকৰ ৷ সেয়ে বহু যুৱক-যুৱতীয়ে চাকৰিৰ বিকল্প পথ বাচি লৈছে ৷ ব্যৱসায়, পশুপালন, কৃষি আদি বিভিন্ন পন্থা অৱলম্বন কৰি স্বাৱলম্বী হোৱাৰ চেষ্টা কৰি আহিছে অসমৰো বহু যুৱক-যুৱতীয়ে ৷ কিন্তু বহু ক্ষেত্ৰত তেওঁলোক বাধাৰ সন্মুখীন হৈ আহিছে ৷
এইল বাধা হৈছে প্ৰধানতঃ সামাজিক বাধা ৷ শিক্ষিত যুৱকক সৰু-সুৰা ব্যৱসায় আৰম্ভ কৰিলে উপলুঙা কৰাৰ পৰা আৰম্ভ কৰি গাহৰি, ব্ৰইলাৰ আদি পুহিলে সমাজচ্যুত কৰালৈকে ৷ এনে বাধাই যুৱপ্ৰজন্মৰ ওপৰত যে কেৱল কেৱল মানসিক চাপ পেলাই তেনে নহয় ৷ অৰ্থনৈতিক বিকাশৰ বাটতো হেঙাৰৰ সৃষ্টি কৰে ৷ এই ধৰণৰ বিষয়ত প্ৰায়েই উচ্চাৰিত হোৱা এটা নাম হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ ৷ শংকৰ গুৰুজনাই যিডাল একতাৰ এনাজৰীৰে সকলোকে বান্ধিছিল, সেই গুৰুজনাৰ আদৰ্শ ৰক্ষাৰ নামত যেন সমাজত নিজৰ শাসন চলোৱাত উঠি-পৰি লাগিছে শংকৰ সংঘৰ একাংশ বিষয়-ববীয়া ৷
পুনৰ এবাৰ এঘৰীয়া প্ৰসংগত বিতৰ্কত নাম সাঙোৰ খাই পৰিছে শংকৰ সংঘৰ ৷ শংকৰ সংঘৰ নামত ৰাইজক সমাজচ্যুত কৰাৰ ধৃষ্টতা একাংশৰ ৷ ব্ৰইলাৰ পুহি স্বাৱলম্বনৰ পথ বাছি লোৱাৰ বাবেই শংকৰ সংঘই অনিৰ্দিষ্টকাললৈ সমাজচ্যুত কৰিলে এটা পৰিয়ালক ৷ নাৰায়ণপুৰৰ দুলিয়াপথাৰৰ মিণ্টু নেওগৰ পৰিয়ালটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাৰায়ণপুৰ আঞ্চলিকৰ অন্তৰ্ভুক্ত আছিল ৷ চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মিণ্টু নেওগে স্বাৱলম্বী হোৱাৰ সপোন দেখি ব্ৰইলাৰ মুৰ্গী পালন কৰাৰ সিদ্ধান্ত লয় ৷
তাৰ পিচতে যোৱা 8 মাৰ্চত পৰিয়ালটোলৈ শংকৰ সংঘৰ পৰা এক জাননী প্ৰেৰণ কৰি পৰিয়ালটোক সমাজচ্যুত কৰে ৷ জাননীখনত উল্লেখ আছিল যে, অসাংবিধানিক কাৰ্য কৰাৰ বাবে সমাজচ্যুত কৰাৰ সিদ্ধান্ত লৈছিল সংঘৰ ফালৰ পৰা ৷