বিহপুৰীয়া, 11 অক্টোবৰ :দেওবাৰে নিশা নাৰায়ণপুৰত সংঘটিত হয় এক অঘটন ৷ দুজন বন্দুকধাৰী দুৰ্বৃত্তই পিষ্টল দেখুৱাই ধন লুট কৰাৰ চেষ্টা চলাই এজন লোকৰ পৰা ৷ দেওবাৰে নিশা প্ৰায় ১০ বাজি ১৫ মিনিটত এই ঘটনাটো সংঘটিত হয় নাৰায়ণপুৰৰ জুৰি ফিলিং ষ্টেচন নামৰ এটা ভাৰত পেট্ৰ’লিয়ামৰ ডিপোত ৷
ঘটনাৰ বিৱৰণী অনুসৰি, মুখত কাপোৰ বান্ধি অহা দুই দুৰ্বৃত্তই তেল ডিপোটোত কৰ্মৰত এজন কৰ্মচাৰীক পিষ্টল দেখুৱাই হত্যাৰ ভাবুকি প্ৰদান কৰে ৷ তাৰ পাচতেই কৰ্মচাৰীজনক চোঁচৰাই কেচ কাউণ্টাৰৰ ফালে লৈ গৈ ধন দাবী কৰে ৷ সেই সময়ত সমগ্ৰ ঘটনাটো প্ৰত্যক্ষ কৰি আছিল কেইজনমান ট্ৰাক চালক আৰু স্থানীয় লোকে ৷
ইফালে প্ৰাণৰ মমতাত তেল ডিপোটোত কৰ্মৰত কৰ্মচাৰীজনে দাবী কৰা ধন দিবলৈ উদ্যত হওঁতেই সেই ট্ৰাকৰ চালক কেইজন আৰু স্থানীয় লোকে হুলস্থূল কৰে ৷