লখিমপুৰ, 14 মে’ :অসম আৰক্ষীৰ কনিষ্টবল পদৰ ফলাফল ঘোষণা(Assam Police Recruitment Results Announced) ৰ পিছতে বহু পৰিয়ালত বৈছে সুখৰ চকুপানী ৷ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বহু পৰিয়ালৰ যুৱক-যুৱতীয়ে লাভ কৰিছে চাকৰি ৷ বহু পৰিয়ালৰ সপোন স্বৰূপ এই চাকৰি লাভে পৰিয়ালসমূহলৈ আনিছে আনন্দৰ বন্যা ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে নিযুক্তিৰ ক্ষেত্ৰত প্ৰথমটো পদক্ষেপ হিচাপে গ্ৰহণ কৰা এনে কাৰ্যই প্ৰশংসা লাভ কৰিছে সকলোৰে ৷
লখিমপুৰৰ বহু দৰিদ্ৰ পৰিয়ালৰ বাবে এক সপোন স্বৰূপ আছিল এটা চাকৰি লাভ কৰাতো ৷ কিন্তু সম্পূৰ্ণ মেধাৰ ভিত্তিত প্ৰাৰ্থীসকলে চাকৰি লাভ কৰাত আনন্দিত হৈ পৰিছে প্ৰতিগৰাকী লোক(Reaction in Lakhimpur after appointment in Assam Police Constable) ৷ উৰুখা পঁজাত হুকহুকাই কান্দিছে বহু লোকে । আচলেৰে চকুলো মচি উচুপিব ধৰিছে মাতৃয়ে । এয়া মাথো আনন্দৰ চকুলোহে ৷
হুকহুকাই কান্দি, চকুলো মচি সকলোৱে লৈছে কেৱল মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা(Thanks to CM Dr. Himanta Biswa Sarma) ৰ নাম । যোৱা দুদিন ধৰি বহু পৰিয়ালত বিৰাজ কৰিছে একেই পৰিৱেশ । বহু পৰিয়ালৰ বাবে কল্পনাতীত আছিল এটা চৰকাৰী চাকৰি ৷ কিন্তু দুদিন পূৰ্বে ঘোষণা কৰা কনিষ্টবল চাকৰিৰ ফলাফলত নিৰ্বাচিত হয় সেই পৰিয়ালৰ সন্তান ।