লখিমপুৰ, ১২ অক্টোবৰ: বুধবাৰে দেশজুৰি অনশন ধর্মঘট কাৰ্যসূচী গ্ৰহণ কৰে ৰে’লৱে মজদুৰ ইউনিয়নে (Railway Mazdoor Union) । মজদুৰ ইউনিয়নৰ আহ্বানক্ৰমে সামন্তৰালভাৱে লখিমপুৰ ৰে’লৱে ষ্টেচনতো অনশন ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে মজদুৰ ইউনিয়নৰ লখিমপুৰ শাখাই (Railway employees protest) ।
এন পি এছ ব্যবস্থা প্ৰত্যাহাৰ কৰা, অ পি এছ ব্যবস্থা বাহাল ৰখাৰ লগতে ৰে’লৱেক বেচৰকাৰী কৰণ কৰাৰ বিৰুদ্ধে উত্তৰ পূৱ সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ লখিমপুৰ শাখাৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে মজদুৰ ইউনিয়নে । কেন্দ্ৰীয় চৰকাৰ হুছিয়াৰ, আৱাজ দো, এক হো, দুনিয়া কা মজদুৰ এক হো, এন পি এছ চিষ্টেম বন্ধ কৰো আদি বিভিন্ন শ্ল’গান দি ইউনিয়নে লখিমপুৰ ৰে’লৱে ষ্টেচনটোৰ পৰিৱেশ উত্তাল কৰি তোলে (Demanding restoration of OPS) ।
প্ৰতিবাদকাৰী মজদুৰসকলে ২০০৪ চনৰ পৰা নিযুক্তি লাভ কৰা সকলৰ ক্ষেত্ৰত চৰকাৰে এন পি এছ ব্যৱস্থা গ্ৰহণ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনহাতে ৰে’লৱে মজদুৰ ইউনিয়নে ত্ৰিশ-পইত্ৰিশ বছৰ কাম কৰিও এইসকল কৰ্মচাৰীয়ে পেঞ্চন নোপোৱাৰ ফলত ক্ষোভিত হৈ পৰিছে (National Pension Scheme) ৷
ফলত তেওঁকে এদিনৰ বাবে মন্ত্ৰী-বিধায়ক হোৱা সকলে পেঞ্চন ভোগ কৰে ৷ কিন্তু মজদুৰ ইউনিয়নে ত্ৰিশ-পইত্ৰিশ বছৰ কাম কৰি কিয় পেঞ্চন নাপায় তাক প্ৰশ্ন কৰি প্ৰতিবাদকাৰীসকলে এই বৈষম্য দুৰ কৰি অ পি এছ ব্যবস্থা বাহাল ৰাখিবলৈ চৰকাৰক দাবী জনায় ।