অসম

assam

নাওবৈচাত ৰাইজে মেৰামতি কৰিলে ৰাজহুৱা পথ

By

Published : Sep 9, 2022, 6:23 PM IST

দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ পথৰ বাবে হাহাকাৰ নাওবৈচাৰ ফুলবাৰী ভিতৰিপাম গাঁৱৰ ৰাইজৰ (Public repaired roads in Nowboicha)। ৰাইজে নিজে দান-বৰঙণি সংগ্ৰহ কৰি মেৰামতি কৰিলে পথ । স্থানীয় বিধায়ক তথা চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ ।

Road construction
নাওবৈচাত ৰাইজে মেৰামতি কৰিলে ৰাজহুৱা পথ

নাওবৈচা, ৯ ছেপ্টেম্বৰ :ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰে উন্নয়নৰ শ্ল'গান দি আহিছে । কিন্তু সঁচাকৈয়ে উন্নয়ন হৈছে নে ? এতিয়াও উন্নয়নৰ পোহৰ দেখা নাই ৰাজ্যৰ বহু অঞ্চলৰ ৰাইজে । তাৰ ভিতৰত অন্যতম লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী ফুলবাৰী ভিতৰিপাম গাঁও (No development in Nowboicha)।

বছৰ বছৰ ধৰি জৰাজীৰ্ণ পথেই একমাত্ৰ ভৰষা গাঁওবাসীৰ । দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পাছতো এতিয়াও জৰাজীৰ্ণ পথেৰে অহা যোৱা কৰিবলগীয়া হৈছে গাঁওবাসীয়ে । এজাক বৰষুণতেই যাতায়াতৰ অনুপযোগী হৈ পৰে উক্ত পথটো ৷ স্তব্ধ হৈ পৰে যাতায়াত ব্যৱস্থা ৷

নাওবৈচাত ৰাইজে মেৰামতি কৰিলে ৰাজহুৱা পথ

ইতিমধ্যে বিধ্বস্ত পথটোত দুৰ্ঘটনাত পতিত হৈ বহু লোক আহত হ'বলগীয়া হৈছে ৷ গাঁওখনৰ ৰাইজে পথটো মেৰামতি কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন জনাইছে যদিও আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । স্থানীয় বিধায়ক ভৰত নৰহক কেইবাবাৰো আবেদন কৰিও কোনো সঁহাৰি পোৱা নাই ৰাইজে । সেয়ে অৱশেষত পথ মেৰামতি বাবে ওলাই আহিল গাঁৱৰ ৰাইজে ।

পথ মেৰামতিৰ বাবে গাঁওখনৰ ৰাইজে প্ৰতিঘৰৰ পৰা দান বৰঙণি সংগ্ৰহ কৰিবলৈ বাধ্য হয় ৷ বৰঙণি হিচাপে পোৱা প্ৰায় ২০ হাজাৰ টকাৰে শিলগুটি আনি ৰাইজে শুকুৰবাৰে পুৱাৰে পৰা পথটো যাতায়তৰ উপযোগী কৰি তুলিবলৈ কাম আৰম্ভ কৰে (Public repaired roads in Nowboicha)। নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰিবলৈ অহা বিধায়ক ভৰত নৰহে বৰ্তমান দিছপুৰৰ শীত তাপ নিয়ন্ত্ৰিত কোঠাত দিন কটোৱাৰ বিপৰীতে ৰাইজৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ বাবেই ৰাইজে দীৰ্ঘদিনে বিধ্বস্ত পথটোৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে বুলি অভিযোগ কৰে অঞ্চলটোৰ ৰাইজে ।

ৰাইজে নিজে পথটো মেৰামতি কৰিছে যদিও সেয়া যথেষ্ট নহয় । যাৰ বাবে অতি শীঘ্ৰে পথটো মেৰামতি কৰি যাতায়াতৰ বাবে সুচল কৰি দিবলৈ স্থানীয় জন প্ৰতিনিধি লগতে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷ যদি পথটো মেৰামতিৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা নলয় তেনেহ'লে আগন্তুক দিনত ভয়ংকৰ আন্দোলনৰো হুংকাৰ দিয়ে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :গহপুৰৰ হাতীজানত বনৰীয়া হাতীৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details