অসম

assam

ETV Bharat / state

নাওবৈছাত জল জীৱন আঁচনিত ব্যাপক দুৰ্নীতি: ৰাইজৰ প্ৰতিবাদ - নাওবৈছাৰ অতি ভিতৰুৱা মেৰচুক গাঁৱত

নাওবৈছাত জল জীৱন আঁচনিত ব্যাপক দুৰ্নীতি ৷ নিম্ন মানৰ কামেৰে লাখ লাখ টকা লুণ্ঠন ৷ পথৰ মাজত গাঁত খান্দি পাইপ পোতাক লৈ মেৰচুক গাঁওবাসীৰ প্ৰতিবাদ ৷

নাওবৈছাত জল জীৱন আঁচনিত ব্যাপক দুৰ্নীতি: ৰাইজৰ প্ৰতিবাদ
নাওবৈছাত জল জীৱন আঁচনিত ব্যাপক দুৰ্নীতি: ৰাইজৰ প্ৰতিবাদ

By

Published : May 31, 2022, 6:54 PM IST

নাওবৈছা,31 মে': ন-ন আঁচনি গ্ৰহণেৰে চমক সৃষ্টি কৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ বিষয়া, ঠিকাদাৰৰ বাবে খীৰতি গাই হিচাপে পৰিগণিত হৈছে বিভাগটোৰ একাংশ আঁচনি । শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী জল জীৱন আঁচনিৰ জৰিয়তে লখিমপুৰ জিলাৰ নাওবৈছাৰ বিভিন্ন এলেকাত ৰূপায়ন কৰি থকা পানী যোগান আঁচনি সমূহত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ।

জল জীৱন আঁচনি ৰূপায়ণৰ বাবে বিভাগটোৰ বিষয়াসকলে কোটি কোটি টকা ধাৰ্য কৰে যদিও আঁচনি ৰূপায়ণৰ নামত সিংহভাগ ধন বিভাগটোৰ বিষয়া,ঠিকাদাৰে মিলি উদৰস্থ কৰাৰ অভিযোগ উত্থাপিত হৈছে । শেহতীয়াকৈ নাওবৈছাৰ অতি ভিতৰুৱা মেৰচুক গাঁৱত নেকিবুৰ ৰহমান নামৰ ঠিকাদাৰজনে জল জীৱন আঁচনিৰ অধীনত নিৰ্মান কৰি থকা লাখ টকীয়া পানী যোগান প্ৰকল্পটোত দুৰ্নীতি সংঘটিত হোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে ।

নাওবৈছাত জল জীৱন আঁচনিত ব্যাপক দুৰ্নীতি: ৰাইজৰ প্ৰতিবাদ

ঠিকাদাৰগৰাকীয়ে পানী প্ৰকল্পটো নিৰ্মাণৰ বেলিকা অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাকে ধৰি অতি শেহতীয়াকৈ গাঁওখনৰ মাজেৰে নতুনকৈ নিৰ্মান কৰা গ্ৰাম্য পথটো মাজতে খান্দি পানীৰ পাইপসমূহ স্থাপন কৰাত গাঁওবাসীৰ যাতায়তৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে । প্ৰাককলন অনুসৰি পথৰ কাষত পাইপসমূহ স্থাপন কৰিব লাগে যদিও ঠিকাদাৰ নেকিবুৰ ৰহমানে চূড়ান্ত মইমতালিৰে নিজৰ ইচ্ছা অনুসৰি গাঁওখনৰ মূল পথটোৰ মাজত গাঁত খান্দি পাইপসমূহ পোতাত গাঁওবাসী ক্ষুব্ধ হৈ পৰিছে ।

যাৰ বাবে ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে মঙলবাৰে ৰাজপথলৈ ওলাই আহিল স্থানীয় ৰাইজ । ৰাইজে বিভিন্ন ধৰণৰ শ্ল'গানেৰে ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় । শেহতীয়াকৈ জল জীৱন মিছনৰ বহু আঁচনি ৰূপায়নৰ নামতো চৰকাৰী ধন উদৰস্থ কৰাৰ বাবে সকলো পৰিকল্পনা সম্পূৰ্ণ কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগে ।

লগতে পঢ়ক:অচিৰেই ন-ৰূপত জিলিকি উঠিব ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰ

ABOUT THE AUTHOR

...view details