নাওবৈচা, 15 জুন :লখিমপুৰ জিলাৰ নাওবৈচা উন্নয়ন খণ্ডৰ অধীনস্থ মধ্য নাওবৈচাৰ গাঁও পঞ্চায়তৰ কেইবাখনো গাঁৱৰ ৰাইজে দান-বৰঙণি আৰু শ্ৰম দানেৰে এমাহজোৰা প্ৰচেষ্টাৰ অন্তন খৰস্ৰোতা শিঙৰা নৈৰ ওপৰত সাজি উলিওৱা ৩২০ ফুট দৈর্ঘ্যৰ বাঁহৰ দলঙখনৰ উদ্বোধন কৰিবলৈ আহিল জনপ্ৰতিনিধি (Public build a bridge at Naoboicha) ।
উল্লেখযোগ্য যে ৰজাঘৰীয়াৰ হেমাহি আৰু উন্নয়নৰ ছাঁ নপৰা মধ্য নাওবৈচাৰ গাঁও পঞ্চায়তৰ অধীনস্থ ৰৌদোং বৰপথাৰ তথা বিএমপি পঞ্চায়তৰ বৰচলাকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজে স্বাধীনতাৰ সুদীৰ্ঘ ৭৫ বছৰ পাৰ হৈ যোৱাৰ পিচতো যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভূগি আহিছিল । পঞ্চায়ত দুখনৰ কেইবাখনো গাঁৱৰ ৰাইজে বাৰিষা কালত এবুকু আৰু খৰালিত এঁকাঠু পানীত নামি শিঙৰা নদীৰে অহা যোৱা কৰিবলগীয়া হৈছিল ।