লখিমপুৰত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ - চিপিআই( এম)
নামনি সোৱণশিৰি বৃহৎ নদী বান্ধৰ কাম বন্ধ কৰাৰ দাবীত লখিমপুৰত একে দিনাই দুটাকৈ সংগঠনৰ প্ৰতিবাদ
লখিমপুৰত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ
লখিমপুৰ, 08 আগষ্টঃ বান, গৰাখহনীয়া সমস্যাৰ সমাধান, নামনি সোৱণশিৰি বৃহৎ নদী বান্ধৰ কাম বন্ধ কৰা আৰু বানপানীত ক্ষতিগ্ৰস্ত সকলক সাহায্য প্ৰদান কৰাৰ দাবীত বৃহস্পতিবাৰে লখিমপুৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত চিপিআই( এম) প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অসম জাতীয়তাবাদী যুৱ পৰিষদে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ চিপিআই( এম) য়ে প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷