অসম

assam

ETV Bharat / state

প্ৰতিবাদত উত্তপ্ত বগীনদী

প্ৰতিবাদত উত্তাল লখিমপুৰ জিলা ৷ মিচিং জাতীয় সংগঠন TMPK, MMK , NSUI ৰ তীব্ৰ প্ৰতিবাদ ৷ গৰা খহনীয়া প্ৰতিৰোধৰ দাবীত বৃহস্পতিবাৰে উত্তাল প্ৰতিবাদ সংগঠন কেইটাৰ ৷

প্ৰতিবাদত উত্তপ্ত বগীনদী

By

Published : Jul 25, 2019, 10:34 PM IST

লখিমপুৰ, 25 জুলাইঃ গৰা খহনীয়া প্ৰতিৰোধৰ দাবীত মিচিং জাতীয় সংগঠন TMPK, MMK ই বগীনদীৰ ৰাজপথত প্ৰতিবাদী সমদল ৷ প্ৰতিবাদী দলটোৱে সমদল বাহিৰ কৰি বগীনদী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ঘেৰাও কৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীৰ দাবী তৎকালীন ভাবে ৰোধ কৰক সোৱণশিৰিৰ খহনীয়াৰ কৱলত পৰা ভীমপাৰা, হেকেৰাজান আদি অঞ্চলৰ খহনীয়া ৷ লগতে তদন্তৰ দাবী জনায় নাবাৰ্ডৰ ৭.৫০ কোটি টকাৰ ব্যয়েৰে তৈয়াৰ কৰা সোৱণশিৰি প্ৰতিৰোধৰ আঁচনিখনৰ । ইয়াৰ উপৰিও মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ সময়ত টিএমপিকে কৰ্মীক আক্ৰমণ কৰা দোষী বিজেপি কৰ্মীক কৰায়ত্ব কৰিবলৈ দাবী উত্থাপন কৰে ৷

প্ৰতিবাদত উত্তপ্ত বগীনদী

লক্ষ্যণীয় যে, একেদিনাই বান খহনীয়া প্ৰতিৰোধৰ দাবীত বগীনদীত প্ৰতিবাদ সাব্যস্ত কৰে NSUI য়ে । ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে জলসম্পদ মন্ত্ৰীলৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ ।

ABOUT THE AUTHOR

...view details