বিহপুৰীয়া,12 মাৰ্চ : লখিমপুৰৰ বিহপুৰীয়া সমষ্টিত শুকুৰবাৰে দলীয় কৰ্মীসকলক লগত লৈ ৰাজগড় পঞ্চায়তত উপস্থিত হয় বিজেপি দলৰ সমৰ্থিত প্ৰাৰ্থী অমিয় কুমাৰ ভূঞা ৷ কিন্তু পঞ্চায়তত প্ৰৱেশ কৰোতেই লাগিল অথন্তৰ ৷ অমিয় কুমাৰ ভূঞাৰ ৰেলীত আগভেঁটি ধৰি জুটুলিবাৰীত বিজেপি গ’বেক, অমিয় ভূঞা গ’বেক ধ্বনিৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে স্থানীয় ৰাইজে ৷
বিহপুৰীয়াত ৰাইজৰ ৰোষত অমিয় কুমাৰ ভূঞা - অমিয় কুমাৰ ভূঞা
শুকুৰবাৰে বিহপুৰীয়া সমষ্টিত স্থানীয় ৰাইজে আগভেঁটি ধৰে বিজেপি দলৰ সমৰ্থিত প্ৰাৰ্থী অমিয় কুমাৰ ভূঞাক ৷ সমষ্টিটোত বিগত 5 বছৰে বিজেপিৰ নেতা-পালিনেতাই দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰে ৷
ৰাইজৰ ৰোষত অমিয় কুমাৰ ভূঞা
ইয়াৰ পাচতেই ৰাইজৰ উগ্ৰমূৰ্তি দেখি সেই স্থান এৰি পলায়ন কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে । উল্লেখ্য যে, যোৱা 5 বছৰে অঞ্চলটোৰ উন্নয়নৰ নামত অহা পথৰ ধন বিজেপিৰ নেতা-পালিনেতাই আত্মসাৎ কৰাৰ লগতে স্থানীয় জনসাধাৰণে অৰুণোদয়, বৃদ্ধ পেঞ্চনকে ধৰি বিভিন্ন আঁচনিত হোৱা দুৰ্নীতি-অনিয়মৰ বাবেই বিজেপি প্ৰাৰ্থী ভূঞাক আগভেঁটি ধৰা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক :ডাঃ অপূৰ্ব কুমাৰ শইকীয়ালৈ অসমীয়া ভাষাৰ সাহিত্য অকাডেমী বঁটা