অসম

assam

Thengal Kachari Parishad Election : ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনলৈ সাজু লখিমপুৰবাসী

By

Published : Jan 19, 2022, 8:55 PM IST

বৃহস্পতিবাৰে বহু প্ৰত্যাশিত ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (Thengal Kachari Parishad Election) ৷ এই নিৰ্বাচনৰ জৰিয়তে লখিমপুৰ জিলাৰ 5 টা সমষ্টিৰ 15 গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 9,293 গৰাকী ভোটাৰে ৷

Thengal Kachari Parishad Election
ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন

লখিমপুৰ, 19 জানুৱাৰী :বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (Thengal Kachari Parishad Election) ৷ যাৰ বাবে ৰাজ্যৰ 5 খন জিলাত সম্পূৰ্ণ কৰি তোলা হৈছে সকলো প্ৰকাৰৰ প্ৰস্তুতি ৷ ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৰাজ্যৰ 22 টা সমষ্টিত ৷

এই নিৰ্বাচনৰ জৰিয়তে লখিমপুৰ জিলাৰ 5 টা সমষ্টিৰ 15 গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 9,293 গৰাকী ভোটাৰে ৷ সেই অনুসৰি, বিজেপিয়ে 4 গৰাকী প্ৰাৰ্থী, অগপই এগৰাকী, বিৰোধী দল কংগ্ৰেছে 5 গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে নিৰ্দলীয়ভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিব 5 গৰাকী প্ৰাৰ্থীয়ে ৷

ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন

বুধবাৰে লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা নিৰ্বাচনী কামত নিয়োজিত বিষয়াসকল ইতিমধ্যে ভোটগ্রহণ কেন্দ্রলৈ ৰাওনা হৈছে । সকলোৱে শান্তিপূৰ্ণভাৱে এই নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ আশা প্ৰকাশ কৰিছে ৷

লগতে চাওক:Illegal coal smuggling in Assam : ঘোষণাতে আৱদ্ধ কয়লা-চুপাৰি সৰবৰাহৰ নিৰ্দেশনা

For All Latest Updates

ABOUT THE AUTHOR

...view details