অসম

assam

By

Published : Jun 7, 2020, 7:35 PM IST

ETV Bharat / state

উন্নত অসমঃ গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে পথ

নাওবৈচা খলিহামাৰীত ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে জৰাজীৰ্ণ পথ । দীৰ্ঘদিনৰে পৰা স্থানীয় জন প্ৰতিনিধিক পথটো মেৰামতি কৰি দিবলৈ আহ্বান জনাইছিল যদিও কোনো কান-সাৰ নিদিয়া বুলি গুৰুতৰ অভিযোগ কৰে স্থানীয় ৰাইজে ৷

Poor Road Condition At Naobaisa
নাওবৈচাত ৰাইজে গাঁঠিৰ ধন ভাঙি পথ নিৰ্মাণ কৰিলে কিয় ?

নাওবৈচা, 7জুনঃ লখিমপুৰ জিলাৰ নাওবৈচাৰ খলিহামাৰী গাঁৱৰ ৰাইজে বিধ্বস্ত পথত অতিস্থ হৈ পৰিছে ৷ বছৰ-বছৰ ধৰি জৰাজীৰ্ণ পথটোৰ বাবে জ্বলা-কলা খাবলগীয়া হৈছে স্থানীয় ৰাইজে ৷

স্বাধীনতা লাভ কৰা ৭৩ টা বছৰ অতিক্ৰম কৰাৰ পিছতো ৰাজ্যত এতিয়াও বহু বাট-পথ জৰাজীৰ্ণ হৈ আছে ৷ ঠিক একেদৰে নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত মধ্য নাওবৈচা গাঁও পঞ্চায়তৰ অন্তৰ্গত খলিহামাৰী গাঁৱৰ জৰাজীৰ্ণ পথটোৱে জ্বলা-কলা খোৱাইছে স্থানীয় ৰাইজক ৷ এজাক বৰষুণতেই যাতায়াতৰ বাবে অনুপযোগী হৈ পৰে উক্ত পথটো ৷ স্তব্ধ হৈ পৰে যাতায়াত সেৱা ৷ ইতিমধ্যে বিধ্বস্ত পথটোত বহু লোক আহত হ'বলগীয়া হৈছে ৷

নাওবৈচাত ৰাইজে গাঁঠিৰ ধন ভাঙি পথ নিৰ্মাণ কৰিলে কিয় ?

উল্লেখ্য যে, গাঁওখনৰ ৰাইজে পথটো মেৰামতি কৰি দিবলৈ বিভাগীয় কৰ্পতৃক্ষৰ লগতে স্থানীয় বিধায়কক বহুবাৰ আবেদন কৰিও কোনো সঁহাৰি নোপোৱা বুলি গুৰুতৰ অভিযোগ কৰিছে ৷ অৱশেষত গাঁওখনৰ ৰাইজে প্ৰতিঘৰৰ পৰা দান বৰঙণি সংগ্ৰহ কৰিবলৈ বাধ্য হয় ৷ ৰাইজৰ বৰঙনিৰ প্ৰায় ৫০ হাজাৰ টকাৰে চেণ্ড-গ্ৰেভেল আনি পথটো যাতায়তৰ উপযোগী কৰি তুলিবলৈ হাতে কামে লাগে স্থানীয় ৰাইজ । নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰিবলৈ অহা জনপ্ৰতিনিধিয়ে ৰাইজৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ বাবেই ৰাইজে দীৰ্ঘদিনে বিধ্বস্ত পথটোৰ বাবে দুৰ্ভোগ ভুগিব লগাত পৰিছে বুলি আন এক অভিযোগ কৰে । অতি শীঘ্ৰে পথটো মেৰামতি কৰি যাতায়াতৰ বাবে সু-ব্যৱস্থা কৰি দিবলৈ স্থানীয় জন প্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক-বিপিএফ দলত মেৰুবিভাজন ঘটিছে, মই এতিয়া বি পি এফ দলত নাইঃ বিধায়ক ইমানুৱেল মুছাহাৰী

ABOUT THE AUTHOR

...view details