অসম

assam

ETV Bharat / state

ঢকুৱাখনাৰ কৃষিভূমিত নাই পানীযোগান ব্যৱস্থা - অসম চৰকাৰ

অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ ব্যাপক বিফলতাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে ঢকুৱাখনাৰ কৃষকসমাজ

ঢকুৱাখানাৰ কৃষিভূমিত নাই পানীযোগান ব্যৱস্থা

By

Published : Apr 22, 2019, 3:23 PM IST

ঢকুৱাখনা,২২ এপ্ৰিলঃ অসম চৰকাৰৰ জলসিঞ্চন শীৰ্ষক এটা বিয়াগোম বিভাগ থকাৰ পিছতো ঢকুৱাখনাৰ কৃষক বঞ্চিত হৈ ৰৈছে জলসিঞ্চন বিভাগৰ সুবিধাবোৰৰ পৰা । ঢকুৱাখানাৰ সোণাৰি চাপৰি পঞ্চায়তৰ বৃহৎ সংখ্যক কৃষকে অতি বিপদসংকুলভাৱে কৃষি পথাৰৰ কাষতে ওলমি থকা বিদ্যুতৰ তাঁৰৰ পৰা বিদ্যুত সংযোগ কৰি মটৰ যোগে পানী দি বড়ো ধানৰ খেতি কৰিছে ।

ঢকুৱাখানাৰ কৃষিভূমিত নাই পানীযোগান ব্যৱস্থা

উল্লেখ্য যে, দুই তিনি দশক পূৰ্বেই এই কৃষি পথাৰৰ কাষেৰে জলসিঞ্চনৰ নলা খান্দি বোৱাই নিয়া হৈছিল কিন্তু বৰ্তমান সেই নলাৰে পানী নাযায় । জলসিঞ্চন বিভাগৰ কলঘৰটোৰ সা সঁজুলিবোৰো ইতিমধ্যে মামৰে ধৰি উৱলি গৈছে । ২০০৯-১০ বৰ্ষত পুনৰ মেৰামতিৰ বাবে কেইবালাখ টকাও আৱণ্টন দিছিল যদিও সেইয়া কাৰ্যক্ষেত্ৰত পৰিণত নহ'ল । কৃষিৰ ওপৰত নিৰ্ভৰশীল ৪০ শতাংশ লোকে এতিয়া গাঠিৰ ধন ভাঙি নিজাকৈ মটৰ কিনি বিদ্যুত সংযোগ দি কৃষি কৰ্ম কৰিছে যদিও খৰচ অনুপাতে লাভ পাবলৈ সক্ষম হোৱা নাই ।

ABOUT THE AUTHOR

...view details