লখিমপুৰ,১০ নৱেম্বৰ:ৰাজ্যজুৰি আৰম্ভ হৈছে খেল মহাৰণ । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে লখিমপুৰতো আৰম্ভ কৰা হয় খেল মহাৰণ । মন্ত্ৰী পীযুষ হাজৰীকাই লখিমপুৰত উদ্বোধন কৰে খেল মহাৰণ । খেল মহাৰণ উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ।
মন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী মোডীৰ সদিচ্ছাত দেশে ক্ৰীড়া ক্ষেত্রত নতুনকৈ প্ৰতিষ্ঠা লাভ কৰিছে । দেশৰ হিমা দাস, লাভলীনা বৰগোঁহাইকে আদি কৰি বিভিন্ন ভাৰতীয় খেলুৱৈয়ে বিশ্বৰ ওচৰত ভাৰতৰ সুনাম উজ্বলাই তুলিছে । অসমতো মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ তত্বাৱধানত আৰম্ভ হৈছে খেল মহাৰণ । জিলাই জিলাই লাখ লাখ খেলুৱৈ ওলাই আহিছে আৰু এইয়া ৰাজ্যখনৰ বাবে ভাল খবৰ বুলি উল্লেখ কৰে মন্ত্রী পীযুষ হাজৰীকাই ।
শুকুৰবাৰে লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত জিলা ক্ৰীড়া বিভাগে অনুষ্ঠিত কৰা খেল মহাৰণত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে খেলে নিয়মানুৱর্তীতা শিকায়, প্ৰতিষ্ঠা দিয়ে, নিৰোগী কৰি ৰাখে, মাদক দ্ৰব্যৰ আসক্তিৰ পৰা দুৰত ৰাখে । খেলে সন্মান দিয়ে আৰু এখন ঘৰ, এখন সমাজলৈ সন্মান কঢ়িয়াই আনে । সেয়ে খেল অতি গুৰুত্বপূৰ্ণ বুলি উপস্থিত ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে ।