নাওবৈচা,30 মে':বিদ্যুৎ বিভাগৰ আজৱ কাণ্ডই চিন্তিত কৰি তুলিছে নাওবৈচাৰ খনাজান গাঁৱৰ গাঁওবাসীক ৷ বিদ্যুৎ বিভাগৰ কেতবোৰ আজৱ কাণ্ডই চিন্তিত কৰিছে গাঁওবাসীক ৷ মাহত কোনো এঘৰ গ্ৰাহকৰ যদি বিদ্যুৎ মাচুল 50 হাজাৰ আহিছে কোনো ঘৰৰ আকৌ আহিছে 1 লাখ 15 হাজাৰ টকা ৷ মাহে মাহে বিদ্যুতৰ মাচুল পৰিশোধ কৰি অহাৰ পাচতো নাওবৈচা বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ৰ কাণ্ডত এতিয়া মূৰে-কপালে হাত দিছে গাঁওবাসীয়ে ৷ গাঁওখনৰে এগৰাকী বিধৱা মহিলাৰ এমাহৰ মাচুলে হতচকিত কৰিছে মহিলা গৰাকীক ৷ 1 লাখ 15 হাজাৰ টকা মাচুল অহাত মহিলা গৰাকীয়ে পৰিশোধ কৰিব নোৱাৰো বুলি কোৱাত উপ সংমণ্ডল কাৰ্যালয়ৰ কৰ্মচাৰীয়ে মহিলা গৰাকীক মাচুল বিচাৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
ইফালে, মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি মহিলাগৰাকীয়ে সমজুৱাভাৱে আত্মহত্যা কৰিবলৈ বাধ্য হ'ম বুলি কান্দি কান্দি ক্ষোভ উজাৰে । ইতিমধ্যে নাওবৈচা বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ৰ কৰ্মচাৰীয়ে আহি বিদ্যুৎ কৰ্তন কৰি দিয়াত আন্ধাৰতে থাকিব লগা হৈছে এই বিধৱা মহিলা গৰাকী ৷ কেৱল এই মহিলাগৰাকীৰে নহয় নাওবৈচা বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ৰ অধীনস্থ খনাজান গাঁৱৰ প্রায় 40 টা পৰিয়ালক এনেদৰে অতিৰিক্ত বিদ্যুৎ মাচুল দি মানসিকভাৱে হাৰাশাস্তি কৰি অহা বুলি মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত।