নাওবৈচা, ৩ জুন :যিসময়ত শাসনাধিষ্ঠিত দলৰ নেতা-কৰ্মীয়ে চৰকাৰৰ আঠ বছৰীয়া কাৰ্যকালৰ খতিয়ান জিলাই জিলাই বিলাই ফুৰিছে, সেই সময়তে লখিমপুৰ জিলা নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত সাঁকোপাৰা অঞ্চলৰ জনসাধাৰণে চৰকাৰী অভিলাসী আঁচনিৰ পৰা বঞ্চিত হৈ দুৰ্বিষহ জীৱন অতিবাহিত কৰিব লগীয়া হৈছে (People in Naoboicha deprive of govt scheme) ।
পৰিৱৰ্তনৰ শ্ল'গানেৰে দুবাৰকৈ শাসনৰ বাঘজৰী হাতত লোৱা বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰখনৰ দিনতে ৰাজ্যখনৰ বাট-পথৰ দুৰৱস্থাৰ ছবিখন দুখ লগাকৈ উন্মোচিত হৈছে । বছৰ বছৰ ধৰি গ্ৰামাঞ্চলটোৰ ৰাইজে ভগা বাঁহৰ দলঙেৰে যাতায়ত অব্যাহত ৰাখিছে যদিও এইবোৰলৈ চকু দিবলৈ আহৰি নাই চৰকাৰ তথা জনপ্ৰতিনিধিৰ ।
চৰকাৰৰ প্ৰবঞ্চনাৰ স্বাক্ষৰ বহন কৰি সাঁকোপাৰা অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ৱাহা নদীৰ ওপৰত থকা চাৰি ডাল লোহাৰ চিৰিয়ে ৰাইজক সুদীৰ্ঘ ৩০ বছৰে যমৰ যাতনা ভোগ কৰাইছে (Broken bridge in Naoboicha)।
স্থানীয় ৰাইজে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভৰত নৰহ, উন্নয়ন খণ্ড বিষয়া তথা গাঁও পঞ্চায়তত বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পাছতো নদীখনৰ ওপৰত থকা ভগ্ন লোহাৰ চিৰি কেইডাল আঁতৰাই এখন নতুন দলং নিৰ্মাণ কৰা নহ’ল সেই স্থানত । ভৰ বাৰিষাৰ কথা কল্পনাই কৰিব নোৱাৰি, খৰালিতো যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোক কৰিব লগা হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ।