লখিমপুৰ,21 ফেব্ৰুৱাৰী : আগন্তুক 2024 চনত মুকলি কৰাৰ লক্ষ্যৰে পূৰ্ণ গতিত চলিছে লখিমপুৰৰ অনন্য এক সম্পদত পৰিণত হ'বলগীয়া এখন ষ্টেডিয়াম ৷ ১২০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই ষ্টেডিয়ামখন ৷ লখিমপুৰ নগৰৰ সমীপৰ নকাৰী মৌজাৰ চানমাৰিত ৬৬ বিঘা ভূমিত চলি আছে এই ষ্টেডিয়ামখনৰ নিৰ্মাণকাৰ্য । প্ৰথমাৱস্থাত ৩০ বিঘা মাটিত ৪৫ কোটি টকা ব্যয়ৰে ষ্টেডিয়ামখনৰ নিৰ্মাণকাৰ্য চলিছিল যদিও পৰৱৰ্তী সময়ত এখন পূৰ্ণাংগ ষ্টেডিয়াম নিৰ্মাণৰ বাবে আৰু ২১ বিঘা মাটি অধিগ্ৰহণ কৰা হয় আৰু নতুনকৈ ৭৫ কোটি টকাও আৱন্টন দিয়া হয় ।
সম্প্ৰতি এই ষ্টেডিয়ামখন নিৰ্মাণৰ ক্ষেত্ৰত ক্ষোভ প্ৰকাশ কৰিছে লখিমপুৰৰ নকাৰী মৌজাৰ চানমাৰিৰ একাংশ স্থানীয় লোকে(Lakhimpur people demand to stop construction of stadium) ৷ কিয়নো ষ্টেডিয়ামখনৰ বাবে সম্প্ৰসাৰণ কৰা এলেকাত আছিল এখন শ্মশান আৰু অন্য দিশে তিনিটা পৰিয়ালৰ ঘৰ-বাৰী । ষ্টেডিয়ামখনৰ চৌহদৰ ভিতৰত সোমাই পৰে প্ৰায় চাৰি বিঘা মাটিৰ এই শ্মশানখন । আনহাতে, প্ৰায় অৰ্ধ শতিকা ধৰি উক্ত এলেকাত একচনীয়া পট্টা লৈ বসবাস কৰি অহা তিনিটা পৰিয়ালৰ ঘৰ-বাৰীও ষ্টেডিয়ামখনৰ চৌহদৰ এলেকাৰ ভিতৰত সোমাই পৰে । যাৰ ফলত শৱদাহনৰ বাবে সমস্যাত পৰে অঞ্চলটোৰ স্থানীয় ৰাইজ ।