অসম

assam

ETV Bharat / state

পুত্ৰৰ উচ্চ শিক্ষাৰ বাবে সহায়ৰ আহ্বান পিতৃৰ - ASSAM

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৮.১৬% নম্বৰ লাভেৰে উজলিল ঢকুৱাখনাৰ পৱন পেগু । দৰিদ্ৰতাই চানি ধৰা পৰিয়ালটোৰ এতিয়া চৰকাৰ, দল সংগঠনক সহায় সহযোগিতাৰ আহ্বান ৷

পুত্ৰৰ উচ্চ শিক্ষাৰ বাবে সহায়ৰ আহ্বান পিতৃৰ

By

Published : May 20, 2019, 5:21 PM IST

ঢকুৱাখনা, 20 মে’:কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলি উঠিবলৈ সক্ষম হৈছে ঢকুৱাখনাৰ এগৰাকী মেধাৱী ছাত্ৰ । সফলতা অৰ্জনত যে দৰিদ্ৰতা হেঙাৰ হ’ব নোৱাৰে তাকে পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে পৱন পেগুৱে । ঢকুৱাখনাৰ কেঁকুৰী কঠালগুৰি গাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ পৱন । সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰগৰাকীয়ে ৫ টা বিষয়ত লেটাৰ সহ সৰ্বমুঠ ৫২৯ নম্বৰ লৈ সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয় । অসমীয়াত ৮০, গণিত ৯৭, ইংৰাজীত ৯২, বিজ্ঞানত ৭৫,সমাজ বিজ্ঞানত ৮৭, ঐচ্ছিক গণিতত ৯৮ নম্বৰসহ ৮৮.১৬% লৈ উত্তীৰ্ণ হয় ছাত্ৰ গৰাকী ।

পুত্ৰৰ উচ্চ শিক্ষাৰ বাবে সহায়ৰ আহ্বান পিতৃৰ

ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী পিতৃয়ে দিন হাজিৰা কৰি এসাঁজ ভাত খায় আৰু এসাঁজ লঘোণ দি বহু কষ্টৰ মাজত পুত্ৰৰ এই সফলতাত সুখী যদিও উচ্চ শিক্ষাৰ বাবে চৰকাৰ তথা দল সংগঠনৰ সহায় সহযোগিতা কামনা কৰিছে দৰিদ্ৰ পিতৃ লীলা কান্ত পেগুৱে ৷ ঘৰৰ ওপৰৰ বৰষুণ সৰকি অহা জুপুৰি পঁজাটোৰ পৰাই ছাত্ৰজনে নিজৰ অধ্যৱসায়ৰ বলত এই ফলাফল লাভ কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় । ভৱিষ্যতে এজন সু-চিকিৎসক হোৱাৰ সপোন দেখা ছাত্ৰ পৱন পেগুৰ বাবে এতিয়া উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত হেঙাৰ হৈ থিয় দিছে দৰিদ্ৰতা ৷

ABOUT THE AUTHOR

...view details