অসম

assam

By

Published : Aug 19, 2019, 6:38 PM IST

Updated : Aug 19, 2019, 7:59 PM IST

ETV Bharat / state

বহিঃৰাজ্যত চকু আৰু কিডনী নোহোৱা অৱস্থাত পোৱা গৈছে লখিমপুৰৰ যুৱকৰ মৃতদেহ !

ডেৰমাহ ধৰি নিখোজ হৈ আছে লখিমপুৰৰ কুলিমালী গাঁৱৰ ৰাজু বৰা নামৰ যুৱকজন । পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিত ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ ৷

বহিঃৰাজ্যত সন্ধানহীন লখিমপুৰৰ যুৱক

লখিমপুৰ, 19 আগষ্ট :কৰ্মসন্ধানত গৈ বহিৰাজ্যত নিখোজ অসমৰ যুৱক । দিল্লীত যোৱা প্ৰায় ডেৰমাহ ধৰি নিখোজ হৈ আছে লখিমপুৰৰ কুলিমালী গাঁৱৰ ৰাজু বৰা নামৰ যুৱকজন । যোৱা 1 জুলাইলৈকে ৰাজু বৰা বেংগালুৰুত আছিল আৰু তেতিয়ালৈকে পৰিয়ালৰ সৈতে যোগাযোগ আছিল ৷ 1 জুলাইত নতুন কামৰ সন্ধানত দিল্লীলৈ যোৱাৰ কথা জনাইছিল পৰিয়ালৰ লোকক আৰু সেয়াই তেওঁৰ শেষ ফোন ৷ একেলগে কৰ্মসন্ধানত যোৱা একে গাঁৱৰে কনপাই শইকীয়া নামৰ লোকজনে যোৱা 31 জুলাইত ৰাজু বৰাৰ পত্নীলৈ ফোন কৰি জনাইছিল যে, ৰে’লষ্টেচনৰ সমীপত, চকু আৰু কিডনি নোহোৱা অৱস্থাত পোৱা গৈছে ৰাজুৰ মৃতদেহ । তেতিয়াৰে পৰা হুৱাদুৱা লাগিছে পৰিয়ালৰ মাজত ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

Last Updated : Aug 19, 2019, 7:59 PM IST

ABOUT THE AUTHOR

...view details