নাওবৈচা,২৯ মেঃ লখিমপুৰ, ধেমাজি, মাজুলীকে ধৰি উত্তৰ অসমৰ লাখ লাখ জনতাৰ জীৱন -সম্পত্তি প্ৰতি ভয়ংকৰ খেল খেলি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ পঞ্চাশ শতাংশ কাম সম্পূৰ্ণ কৰিলে এন এইচ পিচি কৰ্তৃপক্ষই। এন এইচ পিচিয়ে গেৰুকামুখত নিৰ্মান কৰি থকা ২০০০ মেগাৱট শক্তি উৎপাদনক্ষম নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে বন্ধ কৰাৰ দাবীত আজি নাওবৈচাত ছাত্ৰ সন্থাই মানৱ শৃংখলৰে তীব্র প্ৰতিবাদ সাব্যস্ত কৰে।
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত হোৱা খহনীয়াই গাৰ্ডেড ৱাল ভাগি পেলোৱাৰ পাছত শুক্ৰবাৰে নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰকল্পটো বন্ধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। মানৱ শৃংখলৰ জৰিয়তে ধেমাজি-লখিমপুৰ জিলা সমিতিৰ লগতে নাওবৈচা আঞ্চলিক সমিতিয়েও এন এইচ পিচি ক কাম বন্ধ ৰাখিবৰ বাবে দাবী জনায়। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ ৰ নাওবৈচা কলেজ তিনিআলিৰ সমীপত মানৱ শৃংখল উলিয়াই নাওবৈচা আছুৱে এন এই চপিচি ৰ বিৰুদ্ধে গৰজি উঠে।