অসম

assam

ETV Bharat / state

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলংকাৰীক লৈ নাওবৈচাত উত্তাল প্ৰতিবাদ - লখিমপুৰ

সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিবাদত উত্তাল নাওবৈচা। সংখ্যালঘু ছাত্র বৃত্তিৰ ২ কোটি ৫০ লাখ টকাৰ কেলেংকাৰীৰ তদন্তৰ দাবীত অৱস্থান ধৰ্মঘট। ৰাজপথত মন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ প্ৰতিকৃতি দাহ কৰি ক্ষোভ উজাৰিলে সংখ্যালঘু সংগ্ৰাম পৰিষদে।

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলংকাৰীক লৈ নাওবৈচাত উত্তাল প্ৰতিবাদ
সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলংকাৰীক লৈ নাওবৈচাত উত্তাল প্ৰতিবাদ

By

Published : Oct 10, 2020, 5:09 PM IST

নাওবৈচা,১০ অক্টোবৰ: লখিমপুৰৰ নাওবৈচাত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলংকাৰীক লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত হোৱা ২ কোটি ৫০ লাখ টকাৰ বৃহৎ কেলেংকাৰিৰ তদন্তৰ দায়িত্ব কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা অৰ্পণ কৰা হৈছে যদিও আজিকোপতি দোষীক কৰায়ত্ত কৰা নাই। সেয়ে, সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শনিবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলংকাৰিক লৈ নাওবৈচাত উত্তাল প্ৰতিবাদ

বিদ্যালয় প্ৰধানৰ নাম উল্লেখ কৰি চাঞ্চল্যকৰ তথ্য ফাদিল কৰে সংগঠনকেইটাৰ নেতৃত্বই। বঙালমৰা, তিনিঠেঙীয়া, যুৱনগৰ হাই মাদ্ৰাছা, আহমেদপুৰ এম ই মাদ্ৰাছা, সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰধান শিক্ষকসকল এই বৃহৎ কেলেংকাৰিত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদী নেতাসকলে। আনহাতে, এই দুৰ্নীতিত নাম সাঙোৰ খাইছে একাংশ কম্পিউটাৰ শিক্ষকৰ নাম।

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলংকাৰীক লৈ নাওবৈচাত উত্তাল প্ৰতিবাদ

শীঘ্ৰে দুৰ্নীতিগ্ৰস্ত বিদ্যালয় প্ৰধান আৰু কম্পিউটাৰ শিক্ষকৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ হুংকাৰ দিছে সংগঠনকেইটাই। এই দুৰ্নীতিৰ আঁৰত থকা ব্যক্তিসকলক কৰায়ত্ত কৰি শাস্তি দিয়াৰ দাবীত কেইবাখনো বিদ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। নাওবৈচাৰ ৰাজপথত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি ক্ষোভ উজাৰে সংখ্যালঘু সংগ্ৰাম পৰিষদে।

লগতে পঢ়ক:বৰপেটাৰ এগৰাকী ৰেলৱে কৰ্মচাৰীৰ ঘৰত জব্দ দুই কোটি টকা

ABOUT THE AUTHOR

...view details