অসম

assam

Ranganadi River embankment: আজি পৰ্যন্ত নহ’ল কোটি টকীয়া মথাউৰিৰ উন্নীতকৰণৰ ব্যৱস্থা

By

Published : May 9, 2023, 8:39 PM IST

ৰঙানদীৰ মথাউৰিয়ে আশংকাত ভোগাইছে লখিমপুৰবাসীক ৷ প্ৰয়োজন স্বত্বেও বিভাগে ৰঙানদীৰ মথাউৰিটো উন্নাতকৰণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় দল-সংগঠনে (Ranganadi River embankment construction) ৷

Ranganadi River embankment construction
মথাউৰিয়ে আশংকাত ভোগাইছে লখিমপুৰবাসীক

মথাউৰিয়ে আশংকাত ভোগাইছে লখিমপুৰবাসীক

লখিমপুৰ, 9 মে’: বাৰিষা সমাগত ৷ ভয় আৰু আশংকাত দিন কটাইছে লখিমপুৰীয়াই ৷ কিয়নো আজি পৰ্যন্ত ৰঙানদীৰ মথাউৰিটোৰ সুৰক্ষামূলক কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ যাৰ বাবে এই বাৰিষাত সংকটত ভোগাৰ আশংকা কৰিছে লখিমপুৰবাসীয়ে । তথ্য অনুসৰি, লখিমপুৰ নগৰৰ সমীপেৰেদি বৈ যোৱা, ইতিহাস প্ৰসিদ্ধ ৰঙা নদীখন প্ৰায় দুটা দশকৰ পূৰ্বে অৰুণাচলৰ য়াজালী নামৰ ঠাইত উত্তৰ পূৱ শক্তি নিগম, নিপকোৱে ভেটা দি 405 মেগাৱাটৰ জলবিদ্যুৎ উৎপাদন প্ৰকল্প স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ তাৰ পিচৰে পৰা প্ৰতিটো বাৰিষাতেই ৰঙানদীয়ে সমস্যাত ভোগাইছে লখিমপুৰবাসীক ।

খৰালি কালত বিদ্যুৎ উৎপাদনৰ বাবে প্ৰকল্পটোৰ সকলো গেট বন্ধ কৰি জলাধাৰত জল মজুত কৰাৰ ফলত নদীখন শুকাই যায় । যাৰ বাবে নদীৰ দুয়োপাৰে পাৰিপাৰ্শ্বিকতাৰ ওপৰত পৰে ঋণাত্মক প্ৰভাৱ (No step taken against erosion of ranganadi embankment) ।

ইয়াৰ বিপৰীতে, বাৰিষা আকৌ জলাধাৰত অতিৰিক্ত পানী জমা হোৱাৰ ফলত জলাধাৰৰ বান্ধ ভগাৰ আশংকা কৰি একাধিক গেট খুলি দিয়া হয় । ফলত ৰূদ্ৰমূৰ্তি ধাৰণ কৰে নদীখনে ৷ বিশেষভাৱে ক্ষতিগ্ৰস্ত হয় চহা কৃষকসকল । সংশ্লিষ্ট বিভাগৰ অৱহেলাই নদীখনৰ এনে ধ্বংসাত্মক কাৰ্যত অৰিহণা যোগাই আহিছে বুলি অভিযোগ উত্থাপন কৰে লখিমপুৰবাসী ৰাইজে । কিয়নো খৰালি একেবাৰে শুকাই যোৱা নদীখনে বাৰিষা কিন্তু এক ভয়াৱহ ৰূপ লয় ৷ এইবোৰ দেখি শুনিও দায়িত্বত থকা বিভাগে সময়মতে প্ৰতিৰোধ মূলক ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই (Ranganadi River embankment construction) ।

উল্লেখ্য যে, বিগত বাৰিষা কালত নগৰৰ সমীপৱৰ্তী এলেকা বৰবিলৰ পৰা বগলীজান পৰ্যন্ত কেইবাঠাইতো নদীখনে মথাউৰিত খুন্দিয়াই খহনীয়াৰ সৃষ্টি কৰিছিল । উল্লেখ্য কৰা প্ৰয়োজন যে, নদীখনৰ বাওঁ দিশে থকা 362 কোটিটকীয়া মথাউৰিটো লখিমপুৰ নগৰৰ বাবে সুৰক্ষা কবচ স্বৰূপ । সেয়ে অতি গুৰুত্বপূর্ণ এই মথাউৰিটোৰ প্ৰতি চকু ৰখাটো জলসম্পদ বিভাগৰ বাবে অন্যতম প্ৰধান দায়িত্ব । পিছে এই ক্ষেত্রত বিভাগৰ অৱহেলাহে পৰিলক্ষিত হৈ আহিছে (Sluice Gate at Ranganadi River Lakhimpur) ।

নদীখনে প্ৰদান কৰা ভাবুকিৰ সৈতে বিভাগে মোকাবিলা কৰাত ব্যৰ্থ হ’লে এক বৃহত্তৰ অঞ্চলৰ লগতে লখিমপুৰ নগৰ বিপদাপন্ন হৈ পৰাৰ আশংকাত ভুগিছে স্থানীয় ৰাইজৰ লগত দল-সংগঠন । বিগত বৰ্ষৰ বাৰিষাৰ সময়চোৱাতে বিপজ্জনক ৰূপ ধাৰণ কৰা অংশসমূহত খৰালি কাল পৰ্যন্ত কোনোধৰণৰ সুৰক্ষামূলক ব্যৱস্থা গ্রহণ নকৰাত জলসম্পদ বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে বিভিন্ন সংগঠনে ৷

বিভাগীয় হেমাহিৰ বাবে আগন্তক বাৰিষাত স্থানীয় ৰাইজে ফল ভুগিব লগা হ’লে বিভাগটো জবাবদিহি হোৱাৰ লগতে প্ৰতিবাদৰ সন্মুখীন হ’ব লাগিব বুলি জাতীয়তাবাদী যুৱ পৰিষদেও সকীয়নি প্ৰদান কৰিছে (Jatiyatabadi yuva parishad lakhimpur) ।

লগতে পঢ়ক :Protest for green world : সেউজীয়া পৃথিৱীৰ হকে 90 সহস্ৰাধিক গঞাৰ নিৰৱচ্ছিন্ন প্ৰতিবাদ

ABOUT THE AUTHOR

...view details