বৃদ্ধা দম্পতিৰ পৰা ধন লুট কৰা দুই চোৰ লখিমপুৰ আৰক্ষীৰ জালত
২১ মে'ত লখিমপুৰৰ ডি কে ৰ'ডৰ পৰা বৃদ্ধ দম্পতিৰ হাতৰ পৰা ২লাখ ২০হাজাৰ টকা লুটি নিয়া দুই চোৰক গ্ৰেপ্তাৰ লখিমপুৰ আৰক্ষীৰ ৷
লখিমপুৰ,২১জুন : ২১মে'ত লখিমপুৰৰ ডি কে ৰ'ডত সংঘটিত হৈছিল ভয়াৱহ ঘটনা । কিছুদিন পূৰ্বে এহাল বৃদ্ধ দম্পতিৰ পৰা চোৰে লুটি নিছিল ২ লাখ ২০হাজাৰকৈ টকা। বাইকত অহা দুটা চোৰে বৃদ্ধাগৰাকীক ৰাজপথত চোচৰাই লুটি নিছিল ধনখিনি । এই সমগ্ৰ ঘটনা চি চি টি ভি কেমেৰাত বন্দী হোৱাৰ পাছতেই লখিমপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছিল তদন্ত । অৱশেষত এমাহ পূৰ হোৱাৰ সময়তে লখিমপুৰ আৰক্ষীয়ে ধৃত চোৰ দুটাক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। চোৰকেইটা বিহাৰৰ কাটিহাৰাৰ আকাশ যাদৱ আৰু দিপেশ দাস বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে চোৰকেইটাৰ পৰা জব্দ কৰে ধন লুটৰ ঘটনাত ব্যৱহাৰ কৰা বাইকখনৰ লগতে বহু আপত্তিজনক সামগ্ৰী। আৰক্ষীয়ে বিহাৰ,উত্তৰ-প্ৰদেশৰ ইৰাণী সদস্যই অসমৰ ভিন্ন ঠাইত এনে ধৰণৰ কাৰ্য কৰি আহিছে বুলি মন্তব্য কৰে ।