বিহপুৰীয়া, 15জুন : লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিটো বানমুক্ত সমষ্টি হিচাপে গঢ়ি তোলাৰ লক্ষ্য নৱ নিৰ্বাচিত বিধায়ক ড৹ অমীয় কুমাৰ ভূঞাৰ। বিগত সময়ছোৱাত সমষ্টিটোৰ মাজেৰে বৈ যোৱা নৈ উপ-নৈসমূহে সৃষ্টি কৰা ভয়াৱহ বান-গৰাখহনীয়াৰ সমস্যাৰ পৰা সমষ্টিটোক মুক্ত কৰাৰ লক্ষ্যৰে সম্প্ৰতি তৎপৰ হৈ পৰিছে বিধায়কগৰাকী ।
উল্লেখ্য যে, বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছৰে পৰা সমষ্টিটোৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি দুৰ্গত ৰাইজৰ খবৰ লোৱাৰ লগতে পৰিৱেশ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে বিধায়ক ড৹ অমীয় কুমাৰ ভূঞাই । তাৰেই অংশ হিচাপে বিধায়কগৰাকীয়ে মঙলবাৰে সমষ্টিটোৰ অন্তৰ্গত কাচিকতা নদীৰ ভগ্নপ্ৰায় মথাউৰিটো এম জি এন ৰেগা আঁচনিৰ অধীনত ১ কোটি টকাৰে নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ।
মটৰ চাইকেলেৰে কেইবা কিলোমিটাৰ পথ অতিক্ৰম কৰি দুৰ্গম অঞ্চলটোত উপস্থিত হৈ মথাউৰিটোৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে । আধাৰশিলা স্থাপন কৰি মথাউৰিটোৰ নিৰ্মাণকাৰ্যত সকলো ৰাইজকে দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনায় ।