অসম

assam

ETV Bharat / state

লখিমপুৰত ক’ভিড পৰিস্থিতি নিয়ন্ত্রণক লৈ তৎপৰ মন্ত্রী সঞ্জয় কিষাণ - লখিমপুৰৰ ক’ভিড পৰিস্থিতি

লখিমপুৰ জিলা (Lakhimpur District)ত পুনৰ ক’ভিড (Covid)ত আক্ৰান্তৰ সংখ্যা বৃদ্ধিক লৈ তিনিদিনৰ বাবে জিলাখনত বাহৰ পাতিছে মন্ত্ৰী সঞ্জয় কিষাণে (Sanjay Kishan) ৷ জিলাখনৰ ক’ভিড পৰিস্থিতি পৰ্যবেক্ষণ কৰি চৰকাৰলৈ প্ৰতিবেদন আগবঢ়াব বুলি জানিবলৈ দিয়ে মন্ত্ৰী কিষাণে ।

minister-sanjay-kishan-staying-in-lakhimpur-for-covid-situation-control
ক’ভিড পৰিস্থিতি নিয়ন্ত্রণক লৈ তৎপৰ মন্ত্রী সঞ্জয় কিষাণ

By

Published : Jul 8, 2021, 10:08 PM IST

লখিমপুৰ, 8 জুলাই :ৰাজ্যৰ কিছুসংখ্যক জিলাৰ লেখীয়াকৈ লখিমপুৰ জিলা (Lakhimpur District)তো পুনৰ বৃদ্ধি পাইছে ক’ভিড (Covid)ত আক্ৰান্তৰ সংখ্যা ৷ ভয়ংকৰ ৰূপত জিলাখনত ক’ভিড সংক্ৰমণ ঘটাৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰেও । সেয়েহে ক’ভিড পৰিস্থিতি (Covid Situation) নিয়ন্ত্ৰণৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি তিনিদিনৰ বাবে জিলাখনত বাহৰ পাতিছে মন্ত্ৰী সঞ্জয় কিষাণ (Sanjay Kishan)য়ে ৷ জিলাখনত ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াস কৰিবৰ বাবে বুধবাৰে নিশাৰ ভাগতে উপস্থিত হয় মন্ত্ৰীগৰাকী ৷

সমগ্ৰ জিলাখনৰ ক’ভিড পৰিস্থিতি পৰ্যবেক্ষণ কৰি চৰকাৰলৈ প্ৰতিবেদন আগবঢ়োৱাৰ কথা উল্লেখ কৰে মন্ত্ৰী কিষাণে । চিকিৎসা কৰ্মীৰ অভাৱ-অভিযোগ দূৰ কৰা, ক’ভিড প্ৰতিষেধক (Vaccine)ৰ পৰিমাণ বৃদ্ধি কৰা, মেডিকেল কলেজ হাস্পতালত শীঘ্ৰেই তৎকালীন ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

ক’ভিড পৰিস্থিতি নিয়ন্ত্রণক লৈ তৎপৰ মন্ত্রী সঞ্জয় কিষাণ

উল্লেখ্য যে, জিলাখনত চৰম অৱনমিত হৈছে ক’ভিড পৰিস্থিতি ৷ নিতৌ জিলাখনত শতাধিক লোক ক’ভিড মহামাৰীত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ লগে লগে প্ৰতিদিনে মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে ৷

ইতিমধ্যে লখিমপুৰ জিলাসহ ৰাজ্যৰ 7 খন জিলাক পুনৰ কণ্টেইনমেণ্ট জ’ন (Containment Zone) ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷ অন্য প্ৰান্তৰ লেখীয়াকৈ গুৱাহাটী মহানগৰীতো লাহে লাহে পুনৰ বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা ৷ বুধবাৰৰ দিনটোত লখিমপুৰ জিলাত 209 গৰাকীকৈ লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে । লগতে এগৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

এই পৰ্যন্ত জিলাখনত প্ৰায় 8 হেজাৰ লোক ক’ভিডত আক্ৰান্ত হোৱাৰ উপৰিও 80 গৰাকী লোকে মৃত্যুমুখত পৰিছে ৷ গতিকে জিলাখনত ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মন্ত্ৰী সঞ্জয় কিষাণে গ্ৰহণ কৰা পদক্ষেপ কিমান ফলপ্ৰসু হ’ব, সেয়া সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক :গুৱাহাটীত নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব আৰক্ষী-প্ৰশাসন

ABOUT THE AUTHOR

...view details