বিহপুৰীয়া, 2 নৱেম্বৰ:দেউৰী স্বায়িত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ বিহপুৰীয়াত জোৰদাৰ প্ৰচাৰ অব্যাহত ৰাখিছে শাসকীয় মিত্ৰজোঁট চৰকাৰে(DAC Election 2022) ৷ শাসকীয় দলটোৱে লেথাৰি নিচিগাকৈ সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলাইছে ৷ বুধবাৰে সমষ্টিটোত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ বিহপুৰীয়ালৈ আহিল মন্ত্ৰী কেশৱ মহন্ত(Minister Keshab Mahanta DAC election campaign) । মন্ত্ৰীগৰাকীয়ে বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৬ নং বাঁহগড়া সমষ্টিৰ অগপৰ মনোনীত প্ৰাৰ্থী নন্দিতা দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷
ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দিছপুৰৰ পুৰণি চৰকাৰী বিধায়ক আৱাসৰ বিদ্যুৎ সংযোগ আৰু পানী যোগান কৰ্তন কৰা সন্দৰ্ভতো সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰী মহন্তই কয় যে, প্ৰাক্তন মুখ্যমন্ত্ৰীসকলে চৰকাৰী আৱাসগৃহৰ লগতে চৰকাৰী সহায়ক লাভ কৰাৰ চৰকাৰী নিৰ্দেশনা আছে ৷ তেওঁলোকক প্ৰয়োজনত বাসগৃহ স্থানান্তৰিত কৰিবলগীয়া হ’লে সেই অনুসৰি ব্যৱস্থা কৰা হয় ৷ সেই সন্দৰ্ভত অসম চৰকাৰৰ নিৰ্দেশনা আছে ৷ তেওঁলোকক ইয়াৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে ৷
তেওঁ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত স্বাস্থ্যজনিত কাৰণত ৰাইজৰ মাজলৈ ওলাই আহিব পৰা নাই বুলি উল্লেখ কৰি তেওঁৰ স্বাস্থ্য কিছু উন্নত হ’লে পুনৰ ৰাইজৰ মাজলৈ উলিয়ায় অনাৰ কথা জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ চিকিৎসাৰ সকলো ব্যৱস্থা অসম চৰকাৰৰ চিকিৎসা বিভাগৰ তৰফৰ পৰা কৰাৰ কথা জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷