অসম

assam

ETV Bharat / state

লখিমপুৰত উদ্ধাৰ বিগত 9 মাহে বন্দী কৰি ৰখা মহাৰাষ্ট্ৰৰ এজন লোক - অসম আৰক্ষী

লখিমপুৰত উদ্ধাৰ হৈছে মহাৰাষ্ট্ৰৰ লোক ৷ মহাৰাষ্ট্ৰ আৰক্ষীৰ অভিযোগৰ ভিত্তিত নাৰায়নপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে লোকজনক ৷ আৰক্ষীৰ নিজাববীয়াকৈ গোচৰ ৰুজু ৷

Maharashtra man, Who has been held captive for the past nine months, was rescued in Assam Police
লখিমপুৰত উদ্ধাৰ বিগত 9 মাহে বন্দী কৰি ৰখা মহাৰাষ্ট্ৰৰ লোক

By

Published : Oct 10, 2020, 12:37 PM IST

লখিমপুৰ, 10 অক্টোবৰ :লখিমপুৰ জিলাৰ নাৰায়নপুৰত এগৰাকী লোকৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হয় বিগত 9 মাহে আৱদ্ধ কৰি ৰখা মহাৰাষ্ট্ৰৰ এজন লোকক ৷ উদ্ধাৰ কৰা লোকজন মহাৰাষ্ট্ৰৰ থানেৰ অনুপকৃষ্ণ লালগাৰে বুলি জানিব পৰা গৈছে ৷

অভিযোগ অনুসৰি, নাৰায়ণপুৰ নগৰৰ পবিত্ৰ বৰুৱা নামৰ ব্যক্তিজনে বিগত 9 মাহে নিজ গৃহত আৱদ্ধ কৰি ৰাখিছিল৷ গুৱাহাটীত ব্যৱসায় কৰা পবিত্ৰ বৰুৱাই ধনলক্ষ্মী বেংকৰ পৰা 5 কোটি টকাৰ এটা লোণ লবৰ বাবে মহাৰাষ্ট্ৰৰ গাৰেৰ জৰিয়তে ধনৰ লেনদেন কৰিছিল ৷

উৎকোচৰ ধন মহাৰাষ্ট্ৰৰ লোকজনে লৈ পিচত বেংকৰ লোকক নিদিয়াৰ বাবেই ঋণ লাভ কৰিবলৈ সক্ষম নোহোৱাত প্ৰথমে গুৱাহাটীত আৰু লক ডাউনৰ সময়ত নাৰায়ণপুৰৰ ঘৰত আৱদ্ধ কৰি লুকুৱাই ৰাখিছিল ৷

আৱদ্ধ কৰি ৰখা ব্যৱসায়ী পবিত্ৰ বৰুৱা

লগতে পঢ়ক :জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত লিপ্ত সন্ত্ৰাসবাদী

পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে মহাৰাষ্ট্ৰ আৰক্ষীৰ লগত যোগাযোগ কৰাত মহাৰাষ্ট্ৰ আৰক্ষীয়ে অসম আৰক্ষী আৰু নাৰায়ণপুৰ আৰক্ষীৰ সহযোগত তদন্ত কৰি নাৰায়ণপুৰৰ পবিত্ৰ বৰুৱাৰ ঘৰৰ পৰা শুকুৰবাৰে নিশা উদ্ধাৰ কৰে লোকজনক ৷ সম্প্ৰতি নাৰায়ণপুৰ আৰক্ষী থানাত থকা ব্যক্তিজনক পৰিয়ালৰ লোক উপস্থিত হলেই চমজাই দিব বুলি জানিব পৰা গৈছে ৷

আনহাতে, 9 মাহে মহাৰাষ্ট্ৰৰ লোকজনক আৱদ্ধ কৰি ৰখাৰ অপৰাধতআৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজুকৰাৰ লগতে অনুপ আৰু পবিত্ৰই দুয়ো দুয়োৰে বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়ক :কৰিমগঞ্জৰ শিৱানী হত্যাকাণ্ডৰে জড়িত এক অভিযুক্তক গ্ৰেপ্তাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details