অসম

assam

ETV Bharat / state

ছাত্ৰী নিৰ্যাতনক কেন্দ্ৰ কৰি উত্তাল মাধৱদেৱ বিশ্ববিদ্যালয় - মাধৱদেৱ বিশ্ববিদ্যালয়

মাধৱদেৱ বিশ্ববিদ্যালয়ত ছাত্ৰী নিৱাসৰ অধীক্ষকৰ বিৰুদ্ধে ছাত্ৰী নিৰ্যাতনৰ গুৰুতৰ অভিযোগ ৷ অভিযুক্ত অধ্যাপক গৰাকীৰ বিৰুদ্ধে কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰাক লৈ উত্তাল প্ৰতিবাদ বিশ্ববিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ ৷

এইবাৰ মাধৱদেব বিশ্ববিদ্যালয়ত অধ্যাপকৰ বিৰুদ্ধে ছাত্ৰী নিৰ্যাতনৰ অভিযোগ

By

Published : Oct 31, 2019, 7:00 PM IST

বিহপুৰীয়া, 31 অক্টোবৰঃ অসমৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাচত এইবাৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত অধ্যাপকৰ বিৰুদ্ধে উত্থাপন হৈছে ছাত্ৰী নিৰ্যাতনৰ গুৰুতৰ অভিযোগ ৷ বিশ্ববিদ্যালয় খনৰ ছাত্ৰী নিৱাসৰ অধীক্ষকৰ বিৰুদ্ধে এগৰাকী ছাত্ৰীয়ে আনিছে এই অভিযোগ ৷

অভিযোগ অনুসৰি, 28 অক্টোবৰৰ নিশা অধীক্ষক ৰমেশ হাজৰিকাই ছাত্ৰী নিৱাসটো চোৱা চিতা কৰাৰ চলেৰে এগৰাকী ছাত্ৰীৰ কোঠাত প্ৰৱেশ কৰিছিল ৷ তাৰ পাচতেই কোঠাটোত থকা ছাত্ৰী গৰাকীৰ ওপৰত অধীক্ষকজনে নিৰ্যাতন চলাবলৈ চেষ্টা চলাইছিল বুলি অভিযোগ উত্থাপন হৈছে ৷ পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে সমগ্ৰ ঘটনা জানিব পাৰি ছাত্ৰী গৰাকীক নিৱাসটোৰ পৰা ঘৰলৈ লৈ আনে ৷ লগে লগে বিশ্ববিদ্যালয়খনত ঘটনাৰ তথ্য বিয়পি পৰাত ছাত্ৰ ছাত্ৰীৰ মাজত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷

ধৱদেব বিশ্ববিদ্যালয়ত ছাত্ৰী নিৰ্যাতনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

উল্লেখযোগ্য যে, বুধবাৰে ছাত্ৰী গৰাকীৰ অভিভাৱক আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই উভয়ে মিলিত হৈ বিষয়টো আলোচনা কৰাৰ লগতে অনুসন্ধান কৰিছিল ৷ ইয়াৰ পাচতে অভিযুক্ত ৰমেশ হাজৰিকাক বিশ্ববিদ্যলয় কৰ্তৃপক্ষই ছাত্ৰী নিৱাসটোৰ অধীক্ষক পদৰ পৰা অব্যাহতি দি দুগৰাকী অধ্যাপিকাক ছাত্ৰী নিৱাসৰ দায়িত্ব প্ৰদান কৰিছিল আৰু বিষয়টো সামৰিব বিচাৰিছিল ৷ কিন্তু বৃহস্পতিবাৰে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলে ছাত্ৰী গৰাকীৰ উচিত ন্যায় আৰু অভিযুক্ত অধ্যাপকজনক নিলম্বনৰ দাবীত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ মন কৰিবলগীয়া যে, প্ৰতিবাদস্থলীত ছাত্ৰী নিৱাসটোৰ একাংশ ছাত্ৰীয়ে অধ্যাপক ৰমেশ হাজৰিকাৰ বিৰুদ্ধে অসৎ চৰিত্ৰৰ বহু অভিযোগ উত্থাপন কৰে ৷

এনে পৰিস্থিতিত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পঞ্জীয়কে প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীসকলক লিখিত আবেদনৰ ভিত্তিত অধ্যাপক জনৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আশ্বাস প্ৰদান কৰাত ছাত্ৰ ছাত্ৰী সকলে প্ৰতিবাদ ভংগ কৰে ৷ একে সময়তে ছাত্ৰী গৰাকীয়ে উচিত ন্যায় নাপালে পুনৰ প্ৰতিবাদৰ হুংকাৰ দিয়ে ছাত্ৰ ছাত্ৰী সকলে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details