অসম

assam

ETV Bharat / state

দা,কোৰ লৈ দলং নিৰ্মাণৰ বাবে ওলাই আহিল নাওবৈচাৰ ৰাইজ - নাওবৈচা বিধানসভা সমষ্টি

ফুলবাৰী পঞ্চায়তৰ বৃহত্তৰ 2 নং অঞ্চলৰ সোণাৰী গাঁৱৰ একাংশ লোকে দলহাট বজাৰ সংযোগী গ্ৰাম্য পথটোৰ ওপৰত থকা বাঁহৰ দলং খন পুনৰ নিৰ্মাণ কৰিবলৈ ওলাই আহিল হাতে হাতে দা,কোৰ,বাঁহ আদি লৈ ৷

local residents came together to construct a pitiful conditioned bridge in naoboicha
local residents came together to construct a pitiful conditioned bridge in naoboicha

By

Published : Jun 1, 2020, 3:31 PM IST

নাওবৈচা, 1 জুনঃ নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফুলবাৰী পঞ্চায়তৰ বৃহত্তৰ 2 নং অঞ্চলৰ সোণাৰী গাঁৱৰ পৰা দলহাট বজাৰ সংযোগী গ্ৰাম্য পথটোৰ ওপৰত থকা বাঁহৰ দলং খনৰ সম্প্ৰতি জৰাজীৰ্ণ অৱস্থা ৷ যাৰ বাবে সোমবাৰে কৰ'ণাৰ শংকাকো নেওচি হাতে হাতে দা,কোৰ,বাঁহ আদি লৈ অঞ্চলটোৰ ৰাইজৰ দান বৰঙণিৰে দলং খন পুনৰ নিৰ্মাণৰ বাবে ওলাই আহিল ৷ জানিব পৰা মতে,এই অঞ্চলটোৰ মাজেৰে যোৱা গ্ৰাম্য পথৰ ওপৰত থকা বাঁহৰ দলঙৰ সলনি, কালভাৰ্ট নিৰ্মাণ কৰিবলৈ অনুমোদন দিছিল 4 লাখ টকাৰ ৷ কিন্তু স্থানীয় ৰাইজৰ অভিযোগ মতে,ঠিকাদাৰে কালভাৰ্টৰ নামত সামান্য কাম কৰি নিৰ্মাণৰ সকলো টকা আত্মসাৎ কৰাত যোৱা চাৰিটা বছৰে কালভাৰ্টটো অসম্পূৰ্ণ হৈয়ে থাকিল ৷

হাতে দা, কোৰ, লৈ দলং নিৰ্মাণৰ বাবে ওলাই আহিল নাওবৈচাৰ ৰাইজ

সুদীৰ্ঘ বছৰে অঞ্চলটোৰ ৰাইজে বিধ্বস্ত কালভাৰ্টটোৰ ওপৰেৰে যাতায়ত কৰি থাকিবলগীয়া হৈছে ৷ চৰকাৰৰ গড়কাপ্তানী বিভাগৰ লগতে স্থানীয় বিধায়কৰ অৱহেলাৰ বাবেই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ যাতায়াতত সমস্যাৰ সৃষ্টি হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷ অঞ্চলটোৰ ৰাইজে বাৰম্বাৰ স্থানীয় বিধায়ক,সাংসদ তথা বিভাগীয় কৰ্তৃপক্ষক মেৰামতিৰ বাবে আবেদন জনোৱাৰ পিচতো আজিলৈ কোনো গুৰুত্ব নিদিয়াত ৰাইজে নিজেই ধন সংগ্ৰহ কৰি পুৰুষ-মহিলা সকলো ওলাই আহিছে দলং নিৰ্মাণৰ বাবে ৷ অৱশ্যে ৰাইজক বাঁহৰ দলং খন নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা আধা ধন নাওবৈচা জিলা পৰিষদৰ সদস্য গৰাকীয়ে আগবঢ়াইছে বুলিও জানিবলৈ দিয়ে ৰাইজে ৷

লগতে পঢ়কঃজৰাসৰ নৈৰ গৰাখহনীয়াত জাহ গ'ল বিশাল কৃষিভূমি

ABOUT THE AUTHOR

...view details