ঢকুৱাখানা , 13 এপ্ৰিল :চাওঁতে চাওঁতে হেঁপাহৰ ৰঙালী বিহুটি অসমীয়াৰ চোতালত ৷ ৰঙালীক আদৰিবলৈ সমগ্ৰ ৰাজ্যই ব্যাপক প্ৰস্তুতি চলোৱাৰ সময়তে ঢকুৱাখনাতো দেখা গ'ল অনুৰূপ দৃশ্য ৷ ঢকুৱাখনা মেজাংকৰী বিহু দলৰ কৰ্মীসকলে বিহুক আদৰিবলৈ অনুষ্ঠিত কৰা পষেকজোৰা বিহুনৃত্য কৰ্মশালাৰ শুকুৰবাৰে সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় ৷
কৈ নো কৈ থাকিলে ওৰকে নপৰে ৰঙালী বিহুৰে কথা... - ঢকুৱাখানা
বিহুৰ আগমনে উন্মনা কৰিছে সকলো অসমীয়াৰ মন ৷ ঢকুৱাখনা মেজাংকৰী বিহু দলে বিহুটিক আদৰিবলৈ অনুষ্ঠিত কৰা পষেকীয়া বিহু কৰ্মশালাৰ সামৰণি পৰে ।
ঢকুৱাখানাত পুনৰ বিহু নৃত্য
আজি উৰুকা ৷ এতিয়া সকলোৰে গা সাতখন আঠখন ৷ বিহুটিক আদৰিবলৈ বিহুবলীয়া লোকসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে ৷ ইপিনে ঢকুৱাখনা 1নং বান্তৌ গাঁৱৰ ৰঙ্গমঞ্চৰ বাকৰিত বিহুক আদৰিবলৈ আয়োজন কৰা কৰ্মশালাৰ শুকুৰবাৰে সামৰণি পৰে ৷ এই কৰ্মশালাৰ দিনটোত কোনোৱে যদি বিহু নাম গাইছে কোনোৱে আকৌ কঁকাল ভাঙি এপাক নাচিছে ৷ মুঠতে এই কৰ্মশালাৰ সামৰণিৰ দিনটোত সকলোৰে মাজত এক আনন্দমুখৰ পৰিৱেশ পৰিলক্ষিত হ'ল ৷