অসম

assam

ETV Bharat / state

ভাস্কৰ্য শিল্পীৰ অনুপম সৃষ্টিত অভিভূত বহুজন - তপন মালাকাৰ

লখিমপুৰত তপন মালাকাৰ নামৰ ব্যক্তিৰ হাতৰ পৰশত প্ৰাণ উঠিছে ভাস্কৰ্য শিল্পৰ এক অভূতপূৰ্ব নিদৰ্শন ৷ চিমেন্ট,কাঠ আৰু কাগজ, তামোলৰ ঢকুৱাকে আদি কৰি বিভিন্ন পেলনীয়া সামগ্ৰীৰে শিল্পী গৰাকীয়ে নিৰ্মাণ কৰি উলিয়াইছে বিভিন্ন প্ৰতিমূৰ্তি ৷ শিল্পী গৰাকীৰ এনে সৃজনীশীল প্ৰতিভাক অসমৰ সম্পদ বুলি অভিহিত কৰাৰ আহ্বান বিশিষ্ট সমাজকৰ্মী তথা অধিবক্তা জোনমণী দেৱী খাউণ্ডৰ ৷

লখিমপুৰ
লখিমপুৰৰ ভাস্কৰ্য শিল্পীৰ অনন্য নিদৰ্শন, পেলনীয়া সামগ্ৰীৰে সাজি উলিয়ালে সুদৃশ্য প্ৰতিমূৰ্তি

By

Published : Aug 27, 2020, 9:32 PM IST

লখিমপুৰ, 27 আগষ্টঃ এগৰাকী ভাস্কৰ্য্য শিল্পী । লখিমপুৰ জিলাৰ তেলীয়া গাঁৱৰ তপন মালাকাৰ নামৰ এইগৰাকী ব্যক্তিৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে ভাস্কৰ্য্য শিল্পৰ এক অভূতপূৰ্ব নিদৰ্শন । চিমেন্ট, কাঠ আৰু কাগজ, তামোলৰ ঢকুৱাকে আদি কৰি বিভিন্ন পেলনীয়া সামগ্ৰীৰে মালাকাৰে নিৰ্মান কৰি উলিয়াইছে বিভিন্ন সুদৃশ্য প্ৰতিমূৰ্তি । প্ৰচাৰবিমুখ এইগৰাকী শিল্পীয়ে 1994 চনৰ পৰাই একক প্ৰচেষ্টাৰে গঢ়ি তুলিছে শিল্প কলাৰ এক লাভজনক উদ্যোগ । মালাকাৰৰ সৃষ্টিৰাজীক এবাৰ চকুৰে প্ৰত্যক্ষ কৰাৰ বাবে তেওঁৰ বাসগৃহলৈ দৈনিক সোঁত বৈছে অজস্ৰ লোকৰ । শিল্পীগৰাকীয়ে নিৰ্মান কৰা প্ৰতিমূৰ্তিসমূহ ক্ৰয় কৰাৰ বাবে দৈনিক বহু লোকে যোগাযোগ কৰে বুলিও জানিবলৈ দিয়ে মালাকাৰে ।

লখিমপুৰৰ ভাস্কৰ্য শিল্পীৰ অনন্য নিদৰ্শন, পেলনীয়া সামগ্ৰীৰে সাজি উলিয়ালে সুদৃশ্য প্ৰতিমূৰ্তি

ভাস্কৰ্য শিল্পীৰ এই অনন্য সৃষ্টিৰাজীৰ বিষয়ে অৱগত হোৱাৰ পিছতে শিল্পীজনক উৎসাহ যোগাবৰ বাবে তেওঁৰ বাসগৃহত উপস্থিত হয় ৰাজ্যৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জোনমণী দেৱী খাউণ্ড । মালাকাৰক অসমৰ সম্পদ বুলি অভিহিত কৰি ৰাজ্য চৰকাৰক এনে সৃজনীশীল তথা প্ৰতিভাৱান লোকৰ কৰ্মৰাজী চলাই নিয়াৰ বাবে পদক্ষেপ লোৱাৰ আহ্বান জনায় অধিবক্তা খাউণ্ডে ।

লগতে পঢ়কঃ 60 দশকৰ অসমৰ মিউজিক বেণ্ড "দ্যা কুইভাৰ্ছ"ৰ কথাৰে..

ABOUT THE AUTHOR

...view details