অসম

assam

Lakhimpur District Library: এবছৰৰ বাবে বন্ধ হ'ল লখিমপুৰ জিলা পুথিভঁৰাল

By

Published : Nov 16, 2022, 11:00 AM IST

কেন্দ্রীয় চি আই ডি এফ শিতানত ২০২১ -২০২২ বৰ্ষত আবন্টিত টকাৰে গ্ৰন্থাগাৰটো পুনৰ নিৰ্মাণ কৰা হ'ব (Lakhimpur District Library to be constructed)। যাৰ বাবে ৩৬৫ দিনলৈ পুথিভঁৰালটো ব্যবহাৰৰ উপযোগী হৈ নথাকিব বুলি উল্লেখ কৰি ৰাইজৰ সুৰক্ষাৰ বাবে পুথিভঁৰালটো বন্ধ কৰি দিয়া হৈছে বুলি উপায়ুক্তই উল্লেখ কৰিছে ।

Lakhimpur District Library
এবছৰৰ বাবে বন্ধ হ'ল লখিমপুৰ জিলা গ্ৰন্থাগাৰ

লখিমপুৰ,১৬ নৱেম্বৰ :লখিমপুৰবাসীৰ বাবে সুখবৰ । নতুন ৰূপত সজাই তোলা হ'ব লখিমপুৰৰ জিলা পুথিভঁৰাল । পুৰণি জৰাজীৰ্ণ অট্টালিকা ভাঙি নতুন অট্টালিকা নিৰ্মাণৰ বাবে সাজু হৈছে চৰকাৰে । অৱশ্যে ইয়াৰ মাজতে লখিমপুৰৰ পঢ়ুৱৈসকলৰ বাবে কিছু দুখৰ খবৰো আছে । কিয়নো এবছৰৰ বাবে বন্ধ থাকিব জিলা গ্ৰন্থাগাৰটো (Lakhimpur district library closed)।

এবছৰৰ বাবে বন্ধ হ'ল লখিমপুৰ জিলা পুথিভঁৰাল

লখিমপুৰ জিলা উপায়ুক্তই ইতিমধ্যে গ্ৰন্থাগাৰটো বন্ধৰ কৰাৰ নিৰ্দেশ জাৰী কৰিছে । গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ উত্তৰ অসম সংমণ্ডল তেজপুৰৰ কাৰ্যবাহী অভিযন্ত্ৰাৰ এখন পত্ৰৰ উদ্ধৃতি দি এই নিৰ্দেশনা জাৰী কৰিছে জিলা প্ৰশাসনে । কেন্দ্রীয় চি আই ডি এফ শিতানত ২০২১ -২০২২ বৰ্ষত আবন্টিত টকাৰে গ্ৰন্থাগাৰ বা পুথিভঁৰালটো পুনৰ নিৰ্মাণ কৰা হ'ব (Lakhimpur District Library to be constructed)। যাৰ বাবে ৩৬৫ দিনলৈ পুথিভঁৰালটো ব্যবহাৰৰ উপযোগী হৈ নথাকিব বুলি উল্লেখ কৰি ৰাইজৰ সুৰক্ষাৰ বাবে পুথিভঁৰালটো বন্ধ কৰি দিয়া হৈছে বুলি উপায়ুক্তই উল্লেখ কৰিছে ।

উল্লেখ্য যে লখিমপুৰ জিলা পুথিভঁৰালটোৰ কদৰ্যময় পৰিৱেশ আৰু জৰাজীৰ্ণ অৱস্থাৰ বাবে বহু বছৰ ধৰি বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈ আছিল । বিভিন্ন সময়ত পুথিভঁৰালটো পুনঃনিৰ্মাণৰ বাবে দাবীও উত্থাপন কৰিছিল একাংশ সংগঠন আৰু ব্যক্তি বিশেষে ।

কিছুদিনৰ পূৰ্বে পুথিভঁৰালটোৰ জৰাজীৰ্ণৰূপ সম্পৰ্কে ইটিভি ভাৰতত এক প্ৰতিবেদন প্ৰকাশ পাইছিল । তাৰ পাছতে তৎপৰ হয় জিলা প্ৰশাসন তথা চৰকাৰে । পুথিভঁৰালটোৰ উন্নয়নৰ বাবে আঁচনি লোৱা হয় আৰু তৎকালীনভাৱে কাৰ্যকৰী ব্যবস্থা গ্রহণ আৰম্ভ কৰা হয় ।

উল্লেখ্য যে প্ৰথম অৱস্থাত মহকুমা পৰ্যায়ত থকা এই গ্ৰন্থাগাৰটো প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ (Ex CM Hiteswar Saikia) দিনত জিলা গ্ৰন্থাগাৰলৈ উন্নীত কৰা হৈছিল । পৰৱৰ্তী সময়ত মেৰামতি কৰা হয় যদিও বিগত বহুদিন ধৰি মেৰামতিৰ অভাৱত জিলা গ্ৰন্থাগাৰটো এতিয়া ভূত বাংলালৈ পৰিণত হৈছে । ইফালে যোৱা দুই অক্টোবৰত লখিমপুৰ জিলাই জিলা হিচাপে স্বীকৃতি পোৱাৰ সোণালী জয়ন্তী বৰ্ষত উপনীত হোৱাৰ পাছতো জিলা গ্ৰন্থাগাৰটোৰ এনে পৰিৱেশে সকলোকে আচৰিত কৰি তুলিছিল ।

লগতে পঢ়ক :লখিমপুৰ জিলা পুথিভঁৰালত এতিয়া নাই অধ্যয়নৰ পৰিৱেশ

ABOUT THE AUTHOR

...view details