লখিমপুৰ, ১৯ জানুৱাৰী :ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ইতিমধ্যে অসমত প্ৰৱেশ কৰিছে । শনিবাৰে এই যাত্ৰাই লখিমপুৰত প্ৰৱেশ কৰিব । এই যাত্ৰাক লৈ জিলাখনত কংগ্ৰেছে ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে । তাৰ প্ৰাকক্ষণত কংগ্রেছ নেতৃত্বই সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে । কংগ্ৰেছ নেতৃত্বৰ মতে দেশৰ কাৰণে প্ৰাণ বলিদান দিয়া পৰিয়ালৰ সন্তান ৰাহুল গান্ধী । অসম চৰকাৰৰ এজাহাৰলৈ ভয় নকৰে কংগ্রেছে । ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত জোড়ো ন্যায় যাত্রা সফল হ'ব ।
উল্লেখ্য যে যোৱা ১৪ জানুৱাৰীত মণিপুৰৰ ইম্ফলৰ পৰা আৰম্ভ হোৱা এই যাত্রা শুকুৰবাৰে মাজুলীৰ পৰা আৰম্ভ হৈছে । কিন্তু কংগ্ৰেছে অভিযোগ কৰা মতে অসমত প্ৰৱেশ কৰা এই যাত্রা ব্যৰ্থ কৰিবলৈ চৰকাৰে বিভিন্ন কৌশল অৱলম্বন কৰিছে । প্ৰাক্তন মন্ত্রী তথা বৰ্তমানৰ নাওবৈচা সমষ্টিৰ বিধায়ক ভৰত নৰহ, প্ৰদেশ কংগ্রেছৰ জ্যেষ্ঠ মুখপাত্র ডাঃ জয় প্ৰকাশ দাসে চৰকাৰ তথা মুখ্যমন্ত্রীক কঠোৰ সমালোচনা কৰে ।
মুখপাত্র ডাঃ জয় প্ৰকাশ দাসে ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত জোড়ো ন্যায় যাত্রাক লৈ চৰকাৰে গোচৰ দিয়াৰ প্ৰসংগ তুলি কয় যে ৰাহুল গান্ধীয়ে গোচৰলৈ ভয় নকৰে । এটা নহয় বহু গোচৰ দিলেও ৰাহুল গান্ধীয়ে ভয় নকৰে । এই যাত্রাৰ বাবে অনুমতিৰ প্ৰসংগত দাসে কয় যে খোজ কাঢ়িবলৈ অনুমতিৰ কিহৰ প্ৰয়োজন ? কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে ৰাহুল গান্ধীয়ে ইয়াৰ পূৰ্বে যাত্রা কৰিলে । তাত একো সমস্যা হোৱা নাছিল । কিন্তু অসমত অহাৰ লগে লগে খোজ কাঢ়িবলৈ চৰকাৰৰ অনুমতি লগা হ'ল ।
তেওঁৰ মতে যদি ন্যায় যাত্রাৰ বাবে যান-জঁট আদিৰ দৰে সমস্যা হয় সেয়া চৰকাৰে ঠিক কৰক । কিন্তু তাকে নকৰি এই যাত্রা বিফল কৰিবলৈ চৰকাৰে বিভিন্ন কৌশল লৈছে বুলিও তেওঁ অভিযোগ কৰে । সংবাদমেলত ভাৰত জোড়ো ন্যায় যাত্রাক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যকো গৰিহণা দিয়ে বিধায়ক ভৰত নৰহে । তেওঁ কয় যে এই যাত্রাই সকলো জাতি-জনগোষ্ঠীৰ লোকক সামৰি লৈছে । মুখ্যমন্ত্রীয়ে এক বিশেষ জনগোষ্ঠীক লৈ মন্তব্য কৰাটো গৰিহণাৰ যোগ্য । মুখ্যমন্ত্রীৰ মুখত এনে বক্তব্য শোভা নাপায় বুলিও কয় ভৰত নৰহে ।